Congress:✒️অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দ্রুত ন্যায় প্রদানকে ধৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পাঁচটা গেৰাণ্টী দেওবাৰে ঘোষণা কৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকার্জুন খার্গেই। লখিমপুৰৰ নাওবৈচাৰ এক নির্বাচনী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি)ৰ সভাপতি খার্গেই কংগ্ৰেছ ৰাজ্যৰ ক্ষমতালৈ আহিলে এশ দিনৰ ভিতৰত জুবিনক ন্যায় প্রদান কৰা হ’ব বুলি ঘোষণা কৰে।
তেওঁ ভাষণত কয়, ‘তেওঁক কোনে হত্যা কৰিছিল,আমি বিচাৰি উলিয়াম আৰু নির্দিষ্ট সময়ৰ ভিতৰত এই তথ্য দাখিল কৰিম।’ খাগেই কয়, ‘আজি মই অসম বিধানসভা নিৰ্বাচনৰ ঘোষণাপত্র মুকলি কৰিবলৈ ইয়ালৈ আহিছো। ৰাইজৰ পৰামৰ্শ আৰু গভীৰ বিচাৰ-বিবেচনাৰ অন্তত এই ঘোষণাপত্র প্রস্তুত কৰা হৈছে। আমি অসমৰ জনসাধাৰণক কি দিব পাৰো, সেয়া স্পষ্ট কৰিম। অসম চৰকাৰ আৰু হিমন্ত বিশ্ব শর্মাই যি বিশ্বাসঘাতকতা কৰিছে, সেয়াও অৱগত কৰিম।’ইয়াৰ পাছতে তেওঁ দলৰ পাঁচ গেৰাণ্টী ঘোষণা কৰে।
কালি নাওবৈচাত দলৰ ঘোষিত পাঁচ গেৰাণ্টীৰ ভিতৰত আছে-মহিলাসকলৰ একাউণ্টত চর্তবিহীন নগদ ধন হস্তান্তৰ, প্ৰতিজন বয়োজ্যেষ্ঠ লোকক মাহিলি ১,২৫০ টকা প্রদান, ১০ লাখ খিলঞ্জীয়া ভূমিপুত্রক স্থায়ী পট্টা প্রদান, মহিলাসকলক ব্যৱসায় কৰিবলৈ ৫০ হেজাৰকৈ টকা, প্রতিটো পৰিয়ালক ২৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা আৰু জুবিন গাৰ্গৰ গোচৰত এশ দিনৰ ভিতৰত ন্যায় প্রদান।
কালি নাওবৈচাত ভাষণত এই পাঁচ গেৰাণ্টী কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হ’লে পূৰণ কৰিব বুলি ঘোষণা কৰে খাগেই। তেওঁ কয়, ‘আজি বিজেপিৰ দিনত আঁচনি লাভ কৰিবলৈ বিজেপিৰ সভালৈ যাব লাগে। আমাৰ চৰকাৰ আহিলে কোন মহিলা কোন দলৰ সদস্য আছে, এই কথা জনাব নালাগে। সকলো মাতৃক আমি আঁচনি প্ৰদান কৰিম। বেংক একাউণ্টত পোনে পোনে টকা দিম, আঁচনি পাবলৈ কোনো বাধ্যবাধকতা নাথাকিব। আমি এনে গেৰাণ্টিসমূহ ৰাজস্থান, কর্ণাটক, তেলেংগানা, তামিলনাডুত কাৰ্যকৰী কৰি দেখুৱাইছো।’
বিজেপিক আক্রমণ কৰি তেওঁ কয়, ‘বিজেপিৰ গেৰাণ্টী হৈছে চুৰি কৰা, ধৰ্ষণ কৰা আৰু দেশৰ পৰিস্থিতি যিয়েই নহওক কিয় তাক চলি থাকিবলৈ দিয়াৰ গেৰাণ্টী।’ তেওঁ কয় যে বিজেপি চৰকাৰৰ হিতাধিকাৰী হ’বলৈ হ’লে দলৰ সদস্য হ’ব লাগে।
কংগ্রেছ সভাপতিজনে পুনৰ কয়, ‘আপোনালোকে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰক। আমি এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিম। এই ঘটনাৰ লগত কোন জড়িত আছে আমি বিচাৰি উলিয়াম।’ তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰৰ দৰে বাৰ্ষিক ভূমিপট্টা প্ৰদানৰ সলনি কংগ্ৰেছৰ চৰকাৰ আহিলে ১০ লাখ ভূমিপুত্রক স্থায়ী পট্টা প্ৰদান কৰা হ’ব। খার্গেই আৰু কয়, ‘ইয়াৰ ফলত প্ৰতি বছৰে মানুহে তেওঁলোকৰ ৰেকৰ্ড নবীকৰণ যাতে কৰিব নালাগে অথবা বিষয়াসকলক অনুগ্ৰহ বিচাৰি অনুৰোধ জনাব নালাগে আৰু এঠাইৰ পৰা আন ঠাইলৈ দৌৰি ফুৰিব নালাগে, সেই কথা নিশ্চিত কৰা হ’ব। আমি কর্ণাটকত ছয় লাখ ৮০ হেজাৰ মানুহক এইদৰে স্থায়ী পট্টা দিছো।’






























