বহুতে নিমখ ছটিয়াই দিয়া তৰমুজ বা ‘চাত মছলা’ খাই ভাল পায়। এইদৰে তৰমুজ সেৱন কৰিলে লাভজনক নেকি? ইয়াৰ দ্বাৰা স্বাস্থ্যৰ কোনো অতিৰিক্ত সুবিধা পোৱা যায়নে?
গ্রীষ্মকাল সম্পূর্ণৰূপে আৰম্ভ হোৱাৰ আগতেই বজাৰত তৰমুজ আহি পাইছে। ৰসাল তৰমুজ এতিয়া সহজেই উপলব্ধ। সতেজ তৰমুজ খাই কোনে ভাল নাপায়? মাজে মাজে বহুতে তৰমুজ খোৱাৰ আগতে নিমখ বা ‘চাত মছলা’ ছটিয়াই ভাল পায়।
এইটো তৰমুজ খোৱাৰ স্বাস্থ্যসম্মত উপায় নেকি? ইয়াৰ দ্বাৰা কিবা অতিৰিক্ত সুবিধা পোৱা যায় নেকি? নে কেৱল সোৱাদ বৃদ্ধিৰ স্বাৰ্থত তৰমুজৰ ওপৰত নিমখ ছটিয়াই দিব লাগে? জানো আহক।
তৰমুজৰ সোৱাদ বৃদ্ধি কৰে
এচিকুট নিমখে তৰমুজৰ সোৱাদ বৃদ্ধি কৰে, যাৰ ফলত ইয়াৰ সোৱাদ আক মিঠা হয়। ২০২৩৩ (ই লাইফ) আলোচনীত প্রকাশিত এক অধ্যয়নত প্রকাশ পাইছে যে নিমখত উপস্থিত ক্লৰাইড আয়নে মিঠা সোৱাদৰ ৰিচেপ্টৰৰ স’তে ক্রিয়া কৰে। ফলত মিঠাৰ অনুভূতি বৃদ্ধি পায়। সহজ ভাষাত ক’বলৈ গ’লে নিমখে তৰমুজৰ প্রাকৃতিক মিঠা বৃদ্ধি কবে।
ইলেক্ট্রলাইটৰ অভাৱ পুনৰ ভৰাই দিয়ে
তৰমুজে শৰীৰক শীতল আৰু জলসিঞ্চিত কৰি ৰখাত সহায় কৰে। ইয়াত ৯২ শতাংশ পানী থাকে আৰু ইয়াত পটাছিয়ামৰ দৰে খনিজ পদার্থও থাকে, কিন্তু ইয়াত ছ’ডিয়ামৰ পৰিমাণ তুলনামূলকভাবে কম। গৰমৰ দিনত শৰীৰৰ ইলেক্ট্রলাইটৰ ভাৰসাম্য বক্ষা কৰিবলৈ তৰমুজৰ ওপৰত নিমখ ছটিয়াই দিয়াটো অতি প্রয়োজনীয়। নিমখত পোৱা ছ’ডিয়ামে ইলেক্ট্রলাইটৰ মাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে। নিমখ ছটিয়াই তৰমুজ খালে শৰীৰত যিকোনো ইলেক্ট্রলাইটব অভার ফলপ্রসূভাবে পুনৰ পূৰণ হয়।
পাচনত সহায়ক
নিমখে পেটত পাচনতন্ত্ৰৰ ৰসৰ নিঃসৰণক উদ্দীপিত কৰাত সহায় কৰে। ফলস্বৰূপে তৰমুজ অধিক দ্রুতগতিত হজম হয়। যদিও সাধাৰণতে তৰমুজ সহজে হজম হয়, তথাপি বহুতে ইয়াক খোৱাৰ পাছত পেট ফুলাৰ অভিজ্ঞতা লাভকবে। নিমখ ছটিয়াই তৰমুজ খালে এই সমস্যাটো সহজে সমাধান কৰিব পাৰি। কিমান নিমখ ব্যৱহাৰ কৰিব লাগে?
তৰমুজৰ পৰিমাণৰ প্রতি গুৰুত্ব নিদিয়াকৈ কেরল নিমখ বা ‘চাত মহুলা’ ছটিয়াই দিব নালাগে। অত্যধিক পৰিমাণৰ নিমখ ব্যবহাৰ কৰিলে তৰমুজৰ প্রাকৃতিক সোৱাদক আগুৰি ধৰি নষ্ট কৰিব পাৰে। ইয়াৰ উপৰি ইয়াৰ ফলত অতিৰিক্ত ছ’ডিয়াম শৰীৰত প্রবেশ কৰে। তৰমুজৰ বাটি এটাৰ ওপৰত মাত্র এচিকুট নিমখ বা ‘চাত মছলা’ দিলেই যথেষ্ট। নিয়মীয়া নিমখৰ উপৰি ক’লা নিমখ ‘বিট লবন’, ‘চাট মহলা’ আৰু নেমুৰ ৰসও দিব পাৰে, ইয়াৰ দ্বাৰাও তৰমুজৰ সোবাদ বৃদ্ধি পাব।






























