Deadbody Recovered in Bhangagarh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মহানগৰীৰ মাজমজিয়াৰ ভঙাগড়ত ৰহস্যজনক অৱস্থাত শনিবাৰে পুৱাতে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ ৰুদ্ৰাক্ষ মলৰ চতুৰ্থ মহলাত উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰৰ সিদ্ধান্ত দাস বুলি চিনাক্ত কৰে ভঙাগড় আৰক্ষীয়ে ৷ এমাহ পূর্বেহে বিবাহপাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস । কোনো দুর্বৃত্তই যুৱকজনক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
ADVERTISEMENT






























