Garchuk:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-এশ গৰু মাৰিলে বাঘৰো মৰণ ৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল ভুৱা সাংবাদিক সহ এটা সংগঠনৰ ৩ নেতা ৷ মহানগৰীৰ গড়চুকৰ শিৱশক্তি নামৰ এখন হোটেল এখনত ধন দাবী কৰিবলৈ গৈ হাতে-লোটে আটক হয় পৰ্টেল চেনেলৰ ভুৱা সাংবাদিক দীপক সিনহা,ভুৱা চিকিৎসক ডাঃ সুমন ভট্টাচার্য আৰু অসম উন্নয়নৰ পৰিষদৰ গুৱাহাটী শাখাৰ সভাপতি মৌচম উজীৰ ৷ ইতিমধ্যে তিনিওকে গড়চুক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
ADVERTISEMENT




































