Temporary Chakka Bondh Withdrawal :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ অন্তত সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ ঘোষণা কৰিলে সদৌ অসম মটৰ পৰিবহণ সন্থাই। সন্থাটোৰ ছয়টা দাবীৰ ভিতৰত এটা দাবী পৰিবহণ বিভাগে মানি লোৱা বুলি এক সংবাদমেলত সদৰি কৰে সংগঠনটোৰ নেতৃবৰ্গই । আন পাঁচটা দাবী এতিয়াও মানি লোৱা হোৱা নাই। অহা ১১ ডিচেম্বৰৰ ভিতৰত চৰকাৰে বাকী দাবীসমূহ মানি নল’লে পুনৰ ১৪ ডিচেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
আজি এই চকাবন্ধা প্ৰত্যাহাৰৰ লগে লগে ৰাজ্যৰ সকলো বেচৰকাৰী বাণিজ্যিক বাহন ৰাজপথত চলিব পাৰিব ৷ পৰিবহন সন্থাটোৰ নেতৃত্বই সংবাদমেলত আৰু কয় যে, অহা ৫ ডিচেম্বৰৰ পূৰ্বে পৰিবহণ মন্ত্ৰীৰ সৈতে সংগঠনৰ প্ৰতিনিধিৰ আলোচনা অনুষ্ঠিত কৰাৰ দাবী উদ্থাপন কৰা হৈছে আয়ুক্ত – সচিবৰে হোৱা বৈঠকত ৷
আনহাতে বহুচৰ্চিত এছএলডি সন্দর্ভতো সদৌ অসম মটৰ পৰিবহণ সন্থাই কয় যে দাবী অনুসৰি ইতিমধ্যেই ৰাজ্যৰ প্রায় ৯০ শতাংশ বাহনত এছএলডি সংস্থাপন কৰা হৈছে। তথাপিও চৰকাৰী নিৰ্দেশ অনুসৰি তথ্য আপডেট বা সংস্থাপনৰ ক্ষেত্ৰত কেইখন মান বাহনৰ গৰাকীৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰিব পাৰে ৷ সেইয়াও অচিৰেই কৰা হ’ব ৷
ইপিনে ১১ ডিচেম্বৰৰ ভিতৰত চৰকাৰে বাকী পাঁচটা দাবীৰ ক্ষেত্ৰত কেনে ধৰণৰ সিদ্ধান্ত লয় সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব৷ অন্যৰ্থাই ১৪ ডিচেম্বৰৰ পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ছটা কেইবাটাও দাবীৰে বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যত অনির্দিষ্টকালীন চকা বন্ধৰ কাৰ্যসূচী অব্যাহত ৰাখিছিল ৷
সেই দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল সদৌ অসম মটৰ শ্ৰমিক সন্থাই।
আনহাতে বাণিজ্যিক বাহন বন্ধ থকাৰ ফলত ৰাজ্যত বিৰূপ প্ৰভাৱ পৰে৷জনসাধাৰণৰ ব্যাপক অসুবিধা হয় দুদিন ধৰি ৷ এনেক্ষেত্ৰত আজি বিয়লি সাময়িকভাবে সদৌ অসম মটৰ পৰিবহণ সন্থাই চকাবন্ধ প্ৰত্যাহাৰ কৰাত সচেতন মহলে আদৰণি জনাইছে ৷
ADVERTISEMENT






























