Crime: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গড়লস্থিত ‘ৰুদ্ৰছ কিচ্ছেন’ হোমষ্টেৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে আৰক্ষীয়ে। হোমষ্টেটো ছীল কৰা হ’ব বুলি জানিবলৈ দিছে DCP বলীন দেউৰীয়ে।
DCPগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, কোনো নথি-পত্ৰ নোহোৱাকৈ হোমষ্টেটোত দুগৰাকী যুৱক-যুৱতীক থাকিবলৈ দিয়া হৈছিল।
তদন্তত দুয়োগৰাকী যুৱক-যুৱতী এমাহত প্ৰায় পাঁচবাৰকৈ হোমষ্টেটোলৈ অহা-যোৱা কৰাৰ তথ্য পোহৰলৈ আহিছে।
ইফালে, ঘটনাটোৰ তদন্ত আগবঢ়াৰ লগে লগে হোমষ্টেৰ স’তে জড়িত আন লোকসকলৰ ভূমিকাও পৰীক্ষা কৰি থকা হৈছে। প্ৰয়োজন সাপেক্ষে হোমষ্টেৰ স’তে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব বুলি স্পষ্ট কৰিছে DCP বলীন দেউৰীয়ে।
হোমষ্টেটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে আৰক্ষীৰ এই কঠোৰ পদক্ষেপৰ কথা পোহৰলৈ আহিছে।

































