Economist Professor Dr.Hiranya Nath:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসমবাসীৰ বাবে এটা ভাল খবৰ । পুনৰ বিদেশত উজ্জ্বলিল আৰু এজন অসম সন্তান ৷ তেওঁৰ নাম হ’ল ড: হিৰণ্য নাথ ৷ বৰ্তমান কৰ্মৰত হৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ছেম হিউষ্টন ষ্টেট বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক হিচাপে ৷ শেহতীয়াকৈ ড:শৰ্মাক সন্মানীয় অধ্যাপক বঁটাৰে সন্মানিত কৰে হিউষ্টন ষ্টেট বিশ্ববিদ্যালয়ে ৷
উল্লেখ্য যে অৰ্থনীতি, মুদ্ৰা অৰ্থনীতি, আৰু তথ্য অৰ্থনীতিৰ এগৰাকী বিশেষজ্ঞ ৰূপে পৰিচিত ড:শৰ্মা ২০২৫ বৰ্ষত ইউ আৰ এছ ফেকাল্টী বঁটা লাভ কৰিছিল । একেদৰে তেওঁ PLOS ONE ত ছেকচন এডিটৰ আৰু ইকনমিক এনালাইছিছ এণ্ড পলিচিৰ সহযোগী সম্পাদক হিচাপেও কাম কৰি আছে ৷ তদুপৰি দীৰ্ঘদিন ধৰি আমেৰিকাত অৰ্থনীতিৰ ক্ষেত্ৰত কাম কৰি থকা ড:শৰ্মাই অৰ্থনীতিৰ ওপৰত লিখা কে’বাখনো গৱেষণামূলক পত্ৰ বিশেষ সমাদৃত হৈছে যুক্তৰাষ্ট্ৰত । অধ্যাপক ড: হিৰণ্য নাথৰ ঘৰ মঙলদৈত।






























