Donald Trump:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-পাম বীচ আন্তর্জাতিক বিমান বন্দৰৰ নাম সলনি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নামত ৰখা হ’ল। এৰিক ট্রাম্পে সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টত এই কথা সদৰী কৰিলে।
ADVERTISEMENT
ইফালে, চিবিএছ নিউজে প্রতিবেদনত উল্লেখ কৰা অনুসৰি ফ্লবিডাত এখন বিধেয়ক গৃহীত হোৱাৰ পাছত এই সিদ্ধান্ত গ্রহণ কৰা হ’ল। উক্ত বিধেয়কত পাম বীচ আন্তর্জাতিক বিমান বন্দৰৰ নাম ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। বিধেয়ক গৃহীত হোৱাৰ পাছত বন ডেচেন্টিছে স্বাক্ষৰ কৰিলে। অহা এক জুলাইৰ পৰা এই বিমান বন্দৰৰ নাম আনুষ্ঠানিকভাৱে সলনি কৰা হ’ব।



































