Khanapara: বুধবাৰে মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মিছিল উলিওৱাৰ নামত খাছী ছাত্ৰ সন্থাৰ একাংশ প্ৰতিবাকাৰীয়ে মুখত ক’লা কাপোৰ বান্ধি শ্বিলঙত অসমৰ বাহনত আক্ৰমণ কৰে৷ প্ৰায় অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাৰ লগতে কণমানিকো আক্ৰমণ কৰে৷এই ঘটনাৰ পিছতে যোৰবাট আৰু খানাপাৰাত অসম ৰাজ্যিক চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
মেঘালয়ত ক্ষতি হোৱা বাহনক লৈ খানাপাৰাত উত্তেজনা সৃষ্টি হয়। বাহন চালকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী চালক সংস্থাৰ । একেদৰে মেঘালয় অভিমুখী যান-বাহন চলাচলত বাধা প্ৰদান কৰে চালক সংস্থাৰ কৰ্মকৰ্তাই৷ যাৰবাবে গুৱাহাটী-শ্বিলঙৰ মাজত বন্ধ যাতায়াত একপ্ৰকাৰ স্তব্ধ হৈ পৰে৷প্ৰতিবাদৰ নামত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা খাছী ছাত্ৰ সন্থাৰ দোষী প্ৰতিবাদীক কৰায়ত্ব কৰা আৰু অসমৰ ক্ষতিগ্ৰস্ত বাহন সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত সময়োচিত পদক্ষেপ নোলোৱাকৈ অনিদিষ্ট দিনলৈ শ্বিলঙ- মেঘালয়ৰ মাজত বন্ধ থাকিব যাতায়াত৷
আনহাতে বাহন চালকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে চালক সংস্থাই । ইপিনে আজি পুৱাৰে পৰা মেঘালয় অভিমুখী যান-বাহন চলাচলত বাধা প্ৰদান কৰে চালক সংস্থাৰ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও মেঘালয় চালক সন্থাই অসমৰ পৰ্যটন বাহন শ্বিলঙত প্ৰৱেশৰ বাধাৰোপ কৰিছিল যদিও অসম ৰাজ্যিক চালক অনুৰূপ পদক্ষেপ গ্ৰহণ কৰাত অৱশেষত মেঘালয় চৰকাৰৰ পৰ্যটন মন্ত্ৰীৰ মধ্যস্থতাত নতি স্বীকাৰ কৰে মেঘালয় চালক সন্থা৷যাৰফলস্বৰূপে দুই ৰাজ্যৰ মাজত পৰ্যটন বাহনৰ চলাচল অব্যাহত থকাৰ মাজতে বুধবাৰে খাছী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত কৰা আক্ৰমণত জাঙুৰ খাই উঠিছে অসম ৰাজ্যাক চালক সন্থা৷
মনকৰিবলগীয়া যে বুধবাৰে আনকি প্ৰতিবাদৰ নামত হিংসাত্মক কাৰ্যকলাপ কৰা খাছী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী আক্ৰমণৰ পৰা সাৰি নগ’ল শ্বিলঙৰ বিজেপি নেতা এ এল হেকৰ বাহন৷ আৰ আৰ কলনীত হেকৰ বাহনত আক্রমণ কৰে খাছী ছাত্ৰ সন্থাৰ উদণ্ড কৰ্মীয়ে৷































