Meghalaya:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মেঘালয়ৰ ৰাজনৈতিক সমীকৰণ সলনি কৰি স্থানীয় ইউনাইটেড ডেম’ক্রেটিক পার্টি (ইউডিপি)ৰ আঠজন বিধায়কে বুধবাৰে বিজেপিত যোগদান কৰে। বিগত কে’বামাহ ধৰি বিজেপি নেতৃত্বৰ স’তে চলি থকা আলোচনাৰ অন্ত পেলাই বুধবাৰে মেঘালয়ৰ আঠ বিধায়ক ক্রমে লাহকেমেন ৰিমবুই, কীৰমেন চাইলা, অলান ছুইন, মেথিউ বি কুৰবা, মেইৰালবর্ন ছিয়াম, পিউজ মাকবেন,ছিনছাৰ থাবা আৰু বালাজিয়েড ছিনৰেমে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজু, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র তথা উত্তৰ-পূবৰ ভাৰপ্ৰাপ্ত সম্বিত পাত্ৰকে ধৰি জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত বিজেপিত যোগদান কৰে।
কে’বা সপ্তাহজোৰা ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্ত পেলাই এই আঠ বিধায়কৰ যোগদানৰ ফলত মেঘালয় বিধানসভাত এতিয়া বিজেপিয়ে দ্বিতীয় বৃহত্তম দলৰ স্থান লাভ কৰিলে। আজি যোগদান কৰা আঠজন বিধায়কৰ সংখ্যাৰ ফলত সম্প্রতি মেঘালয়ত বিজেপিৰ বিধায়কৰ সংখ্যা ১০ লৈ বৃদ্ধি পালে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আঠজন বিধায়কৰ বিজেপিত প্ৰৱেশে ৰাজ্যখনৰ ৰাজনৈতিক গণিত সলনি কৰিব। তদুপৰি ২০২৮ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰিব পাৰে বুলিও কয় ৰাজনৈতিক বিশ্লেষকে।
উল্লেখ্য যে যোৱা ১২ ছেপ্টেম্বৰত ইউডিপিৰ নেতা আৰু প্রাক্তন বিধায়ক ড° জেমিন’ মাওথ’হে বিজেপিত যোগদান কৰে। ইউডিপিৰ সূত্ৰত প্রকাশ যে খাচী ভাষাৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিকৰণ, কয়লা খনিক পুনৰ বৈধতা প্রদানকে ধৰি একাধিক দাবী বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক জনাইছে এই বিধায়কসকলে। এই সন্দর্ভত দুয়োপক্ষৰ মাজত হোৱা বুজাবুজি মর্মে বিধায়ককেইজনে বিজেপিত যোগ দিয়া বুলি দলীয় সূত্রত প্রকাশ।
আনহাতে যোগদান কৰা বিধায়কসকলক আদৰণি জনাই নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ অনুষ্ঠানত ৰিজিজুৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত সম্পন্ন হোৱা চমকপ্রদ উন্নয়নৰ দ্বাৰাই আকর্ষিত হৈ বিধায়কসকলে বিজেপিলৈ আহিছে। দুজনৰ পৰা মেঘালয়ত এতিয়া বিজেপিৰ বিধায়কৰ সংখ্যা একেকোবে ১০ জনলৈ বৃদ্ধি হোৱাত স্বাভাৱিকতে উৎসাহ বৃদ্ধি পাইছে। ৰিজিজুৱে কয় যে মোদীৰ কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰদৰ্শন কৰা অতি গুৰুত্বৰ বাবেই অঞ্চলটোৰ বৃহৎ উন্নয়ন সাধন হৈছে আৰু ৰাজনৈতিক ছবিখনো সলনি হৈছে।
ৰিজিজুৱে লগতে কয় যে এই আঠ বিধায়কৰ অন্তভুক্তিকৰণে কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ শক্তি বর্ধন কৰিব আৰু মেঘালয়ত এনডিএ অংশীদাৰসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব। তেওঁ কয়, ‘বিজেপিৰ বিধায়কৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত আজিৰে পৰা মেঘালয়ত কনৰাড চাংমা নেতৃত্বাধীন এনডিএ চৰকাৰৰ শক্তি বৃদ্ধি পালে।’ তেওঁ কয় যে মেঘালয়ৰ ৰাজনৈতিক যাত্ৰাত এই যোগদানে নতুন সংজ্ঞা নিৰ্ণয়ৰ মুহূৰ্তৰূপে চিহ্নিত হ’ব।
ইপিনে, মুখ্যমন্ত্রী চাংমাই কয় যে বিজেপিত আঠ ইউডিপি বিধায়কৰ যোগদান দুটা ৰাজনৈতিক দলৰ আভ্যন্তৰীণ বিষয়। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ মিত্ৰজোঁট চৰকাৰৰ কাম-কাজত কোনো বাধাৰ সৃষ্টি নহয় বুলিও উল্লেখ কৰি তেওঁ কয় যে আঠ বিধায়কে দল সলনি কৰাটো তেওঁলোকৰ ব্যক্তিগত বিষয়। ইয়াৰ স’তে নেচনেল পিপ’লছ পার্টি (এনপিপি)ৰ কোনো সম্পর্ক নাই। তেওঁ কয়, ‘মিত্ৰজোঁট চৰকাৰৰ শক্তি একেই থাকিল।
সেয়েহে আমাৰ কাম-কাজ আগবঢ়াই নিয়াত কোনো অসুবিধাৰ সৃষ্টি নহয়। অৱশ্যে দল দুটাৰ মাজত কিছু উদ্বেগ থাকিব কিয়নো এটা দলৰ বিধায়কসকলে দল ত্যাগ কৰি আন এটা দললৈ গৈছে।’ তেওঁ কয় যে চৰকাৰৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয়। প্রতিটো ৰাজনৈতিক দলৰ শক্তি বৃদ্ধি কৰিব বিচাৰে আৰু ই গণতন্ত্ৰৰ অংশ বুলিও চাংমাই কয়। তেওঁৰ দল এনপিপিয়ে নিজস্ব সাংগঠনিক ভেটি শক্তিশালী কৰাত মনোনিৱেশ কৰিব বুলি উল্লেখ কৰি চাংমাই কয় যে পৰৱৰ্তী নিৰ্বাচনত জনপ্রতিনিধিৰ সংখ্যা বৃদ্ধিৰ বাবে তেওঁলোকে পূর্ণ প্রচেষ্টা অব্যাহত ৰাখিব। তেওঁ কয়, ‘আমি আমাৰ ভেটি শক্তিশালী কৰাটো নিশ্চিত কৰিব লাগিব, তাৰ বাবে আমি কাম কৰিব লাগিব।’































