Horrific murder incident in Jonai:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ জোনাই ৷ পাৰিবাৰিক সংঘাতৰ ভয়াৱহ পৰিণতি ৷ এজন শিক্ষকে বুধবাৰে কাহিলীপুৱাতে শোৱাপাটীতে নিজ পত্নী, দুই কনমাণি আৰু এগৰাকী কিশোৰী কন্যাক কুঠাৰৰ ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। পিছত স্থানীয় ৰাইজে ঘাতক শিক্ষকজনক কৰায়ত্ত কৰি ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক চমজাই দিয়ে ৷
জোনাই তেলাম বজাৰৰ নিবাসী এখন চৰকাৰী বিদ্যালয়ৰ সহ:শিক্ষক ফিৰোজ আলিয়ে বুধবাৰে কাহিলীপুৱাতে শোৱাপাটীতে নিজ পত্নী চিনুৱাৰা বেগম (৩৩), কণমানি জীয়ৰী ৰিজিকা বেগম(৫), কণমানি পুত্ৰ চাখিল আলি (৮) কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ বিপৰীতে আন এগৰাকী কন্যা নেইনা আখতাৰ (১৩)ক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷
আনহাতে আৰক্ষী অহাৰ পূৰ্বে ৰাইজে ধৰিবান্ধি থোৱা অৱস্থাত ঘাতক ফিৰোজ আলিয়ে পৰিয়ালৰ আটাইকে ঘপিয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ পৰিয়ালৰ ৪ জনকৈ সদস্যক কিয় এনেদৰে নৃশংসভাৱে হত্যা কৰিলে সেয়া জানিবপৰা হোৱা নাই । আৰক্ষীৰ জেৰাতহে সকলো তথ্য পোহৰলৈ আহিব ৷



































