EthanolProduction :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সহজে ৰান্ধি খাব পৰা মুৰ্গিৰ কণী হৈছে অনন্য পুষ্টিকৰ দ্রব্য। তুলনামূলকভাবে কম দামতে প্র’টিন- ভিটামিনৰে ভৰপূৰ পুষ্টিকৰ এনে দ্বিতীয়বিধ খাদ্য পোৱা কঠিন; কিন্তু শেহতীয়াভাবে দেশত কণীৰ দাম ধাৰাবাহিকভাবে বৃদ্ধি পাবলৈ ধৰিছে। আনকি অনলাইন প্লেটফর্মসমূহত একোটা কণীৰ দাম ১৪ টকা পর্যন্ত হৈছে। তৎসত্ত্বেও চাহিদা অব্যাহত থকাত আগন্তুক কিছুমাহত কণীৰ অধিক বৃদ্ধিৰ আশংকা প্রকাশ পাইছে।
ইয়াৰ বিপৰীতে দৰিদ্ৰ লোক এই উচ্চমানৰ পুষ্টিকৰ দ্ৰব্যৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে। আনহাতে, কণীৰ এনে ধাৰাবাহিক মূল্যবৃদ্ধিৰ আঁৰত এক চৰকাৰী নীতি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ২০ শতাংশ ইথানল মিহলি পেট্র’ল বিক্ৰীৰ নীতি কাৰ্যকৰী কৰিছে। এই ইথানল উৎপাদনৰ বাবে গোমধানৰ প্ৰয়োজন হয়।
গোমধান আকৌ ব্ৰইলাৰ মুৰ্গিৰ দানা তৈয়াৰতো ব্যৱহাৰ হয়। যিহেতু সমগ্র দেশত ইথানল মিহলি পেট্র’ল বিক্রী হৈছে। গতিকে পূর্বতকৈ বহুগুণ অধিক ইথানল উৎপাদন কৰিবলগীয়া হৈছে। কাজেই মুৰ্গিৰ দানা উৎপাদনৰ বাবে ব্যৱহৃত গোমধানৰ এক বৃহৎ অংশ ইথানল তৈয়াৰী কাৰাখানাসমূহলৈ প্ৰেৰণ কৰা হৈছে। ফলত গোমধানৰ মূল্য বৃদ্ধি পাইছে।
গতিকে মুৰ্গিৰ দানাৰ মূল্যও বৃদ্ধি পাইছে। গতিকে কণীৰ দামো বৃদ্ধি পাবলৈ ধৰিছে। গতিকে মোদী চৰকাৰৰ দিনত দেশৰ দৰিদ্ৰ জনতা কম মূল্যতে পোৱা উচ্চ প্ৰ’টিনযুক্ত খাদ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। সাম্প্রতিক পৰিস্থিতি সম্পৰ্কত কম্পাউন্ড লাইভস্টক ফীড মেনুফেকচাৰ্ছ এছ’চিয়েছনৰ অধ্যক্ষ দিব্য কুমাৰ গুলাটিয়ে কয়, ‘মুৰ্গিৰ দানাৰ ৫০ৰ পৰা ৫৫ শতাংশই হ’ল গোমধান।
বাকী উপাদানসমূহৰ অন্যতম হৈছে চয়াবিন। গতিকে এই দুই উপাদানৰ মূল্য অনুসৰি কণী বা মুৰ্গিৰ মূল্য নির্ধাৰণ হয়।’ ইপিনে, সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত দুবছৰত দেশত ইথানল উৎপাদনত ব্যৱহৃত গোমধানৰ পৰিমাণ ৮.৩ লাখ টনৰ পৰা ১২৫.৭৫ লক্ষ টনলৈ বৃদ্ধি পাইছে। এনেদৰে ইথানল উৎপাদনকাৰী উদ্যোগত ব্যৱহৃত গোমধানৰ পৰিমাণ বৃদ্ধি পোৱাত মুৰ্গিৰ দানা উৎপাদনৰ বাবে অধিক দামত গোমধান ক্ৰয় কৰিবলগীয়া হৈছে।
অৱশ্যে ভাৰতত বিগত কিছু বছৰত গোমধান উৎপাদন উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। তৎসত্ত্বেও দেশত গোমধানৰ চাহিদা অভূতপূর্ব হাৰত বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ইথানল উৎপাদনকাৰী উদ্যোগসমূহে বৃহৎ হাৰত গোমধান ক্ৰয় কৰিবলৈ লৈছে। উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ২০২০-২১ত ভাৰতত ৩১৬ লক্ষ টন গোমধান উৎপাদন হৈছিল। ইয়াৰ পৰিমাণ ২০২৪-২৫ত ৪৩৪ লক্ষ টনলৈ বৃদ্ধি পায়।
লক্ষ্যণীয়ভাবে গোমধান উৎপাদন বৃদ্ধি পালেও ইয়াৰ মূল্য হ্রাস পোৱা নাই। কাৰণ ইথানল আৰু মুৰ্গিৰ দানা উৎপাদনৰ উপৰি শ্বেতসাৰসহ আন কেতবোৰ উদ্যোগতো গোমধান ব্যৱহাৰ হয়। এনে অৱস্থাতে তথ্য পোহৰলৈ আহিছে যে দেশত উৎপাদিত মুঠ গোমধানৰ ৬০ শতাংশই মুৰ্গিৰ দানা উৎপাদনকাৰী উদ্যোগসমূহত ব্যৱহৃত হৈ আহিছে। ফলত বজাৰত গোমধানৰ চাহিদা অভূতপূর্ব হাৰত বৃদ্ধি পাইছে।































