Sivsagar: দৈনিক অগ্ৰদূত ডিজিটেল:আহোম স্বৰ্গদেউসকলৰ ঐতিহাসিক ৰাজধানী ৰংপুৰৰ গৌৰৱোজ্জ্বল স্মাৰক তলাতল ঘৰৰ বাকৰিত আজি এক গুৰুত্বপূৰ্ণ জৰুৰী সংবাদমেল অনুষ্ঠিত হয়। যোৱা ২৩ আগষ্টত নাজিৰাৰ এম চি ক্লাৱত সচেতন নাগৰিক সমাজৰ আহ্বানত অনুষ্ঠিত ‘উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন’ শীৰ্ষক ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে গঠিত ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ (Patkai Civilization Protection Coordination Forum – PCPCF) ৰ লগতে ‘ৰূপহী জেৰেঙা সুৰক্ষা সমিতি’ আৰু ‘ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতি’-ৰ আহ্বায়ক মণ্ডলী ক্ৰমে আহ্বায়ক
অনুপ গগৈ,মনোৰঞ্জন বৰগোহাঁই,দীপজ্যোতি গগৈ আৰু দেবাংগ সৌৰভ গগৈয়ে সংবাদমেল সম্বোধন কৰে।
সংবাদমেলৰ আৰম্ভণিতে বক্তব্য ৰাখি পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ আহ্বায়ক দেবাংগ সৌৰভ গগৈয়ে স্পষ্ট কৰি দিয়ে যে, ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ কেৱল এটা ক্ষন্তেকীয়া আন্দোলন বা পৰিৱেশীয় প্ৰতিবাদ নহয়। ই পাটকাই পৰ্বতৰ পৰা গঢ়ি উঠা হাজাৰ বছৰ পুৰণি সভ্যতা, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা, ভূমিপুত্ৰসকলৰ মাটি-ভেটি, জীৱিকা আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ গঠন কৰা এক বিজ্ঞানসন্মত গণ-মঞ্চ। তেওঁ কয় আমি এই মঞ্চৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ সমভাৱাপন্ন পৰিৱেশ, ঐতিহ্য, ভূমি অধিকাৰৰ বাবে যুঁজ দি থকা সংগঠন তথা খিলঞ্জীয়াৰ অৰ্থনৈতিক কাৰ্যসূচী সমূহক একেটা ছাতিৰ তলত আনি হাতত হাত ধৰি আগুৱাব বিচাৰোঁ। সেই অনুসৰিয়েই আজি ৰূপহী জেৰেঙা সুৰক্ষা সমিতি আৰু ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সৈতে ৰংপুৰৰ বৃহত্তৰ অঞ্চলটোৰ ঐতিহ্য আৰু আৰ্থ সামাজিক দিশ সুৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিছোঁ।
ইয়াৰ পিছতে আন এজন মঞ্চৰ আহ্বায়ক দীপজ্যোতি গগৈয়ে মঞ্চৰ কাৰ্যসূচী সম্পৰ্কে কয় যে, উজনি অসমৰ বান-খহনীয়া সমস্যাক বৈজ্ঞানিকভাৱে প্ৰতিহত কৰা, নদী নিয়ন্ত্ৰণৰ নামত চলি থকা ঠিকাদাৰ-কেন্দ্ৰিক দুৰ্নীতি বন্ধ কৰা, অবৈধ কয়লা খনন আৰু বিভাগীয় গাফিলতিৰ বাবে হোৱা দুৰ্যোগৰ দোষীক আইনী শাস্তি দিয়াৰ দাবীত সমগ্ৰ উজনি অসমৰ আঞ্চলিক সংগ্ৰামী শক্তিসমূহক একেলগ কৰি কাম কৰি যাব। তেওঁ জানিবলৈ দিয়ে যে এই সংগ্ৰামৰ অংশ হিচাপে জিলা আয়ুক্তৰ জৰিয়তে ৰূপহী পথাৰ, জেৰেঙা পথাৰৰ পানী নিষ্কাশন, নামদাঙৰ খনন, ৰংঘৰ, তলাতল ঘৰৰ সুৰক্ষাকে ধৰি ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।
ৰূপহী জেৰেঙা সুৰক্ষা সমিতিৰ সম্পাদক মনোৰঞ্জন বৰগোহাঁইয়ে ৰূপহী পথাৰ, জেৰেঙা পথাৰ, ডিমৌ পথাৰ আৰু মেটেকা পথাৰৰ ভয়াৱহ আৱদ্ধ পানীৰ ছবি দাঙি ধৰি কয় যে, যোৱা ১৯ জুলাইৰ পৰা ডেৰ মাহতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱৰুদ্ধ পানীৰ জোকতলি, মেটেকা বনগাওঁ, শলগুৰি মৌজাৰ কৃষিজীৱি সকলে খেতি কৰিব পৰা নাই
। নিষ্কাশনৰ ব্যৱস্থা নোহোৱাৰ বাবে ঐতিহাসিক পথাৰকেইখন বানত বুৰি আছে। তেখেতে সমগ্ৰ অঞ্চলটোৰ বান নিষ্কাশনৰ বাবে নদী আৰু অৱবাহিকাবোৰৰ পুনৰোজ্জীৱিত কৰাৰ বিষয়েও উল্লেখ কৰে। ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক অনুপ গগৈয়ে তলাতল ঘৰ আৰু ৰংঘৰলৈ অহা অস্তিত্বৰ সংকটৰ বৰ্ণনা দি কয় যে, অনিয়ন্ত্ৰিত পানী জমা হোৱাৰ বাবে আমাৰ অমূল্য ঐতিহাসিক স্থাপত্যসমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। আমাৰ সভ্যতা জীয়াই ৰাখিবলৈ হ’লে ঐতিহাসিক সম্পদ সমূহৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
সংবাদমেলত বিশিষ্ট বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে বৃহত্তৰ ৰংপুৰ অঞ্চলটোৰ ঐতিহাসিক, ভৌগোলিক আৰু পাৰিপাৰ্শ্বিক দিশটোৰ ব্যাখ্যা কৰে। লগতে ইয়াৰ সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে। সংবাদমেল সম্বোধন কৰি আটাইকেইটা সংগঠনে একমুখে উল্লেখ কৰে যে আহোম স্বৰ্গদেউসকলে ৰংপুৰ নগৰৰ ব্যৱস্থা কৰোঁতে প্ৰাকৃতিক জল-নিষ্কাশন ব্যৱস্থা আৰু নদী-জলাশয়সমূহক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছিল। কিন্তু বৰ্তমানৰ অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্য, বেদখল আৰু চৰকাৰী গাফিলতিয়ে এই ঐতিহাসিক জলপথসমূহ ধ্বংস কৰি সমগ্ৰ ৰংপুৰৰে অস্তিত্ব বিপন্ন কৰি তুলিছে। সেয়েহে বিজ্ঞানসন্মত ব্যৱস্থাৰে এই ঐতিহ্য আৰু পৰিৱেশ ৰক্ষা কৰাটো জাতীয় দায়িত্ব।
যৌথ মঞ্চই তলাতল ঘৰৰ বাকৰিৰ পৰা সকীয়াই দিয়ে যে, যদিহে শিৱসাগৰ জিলা প্ৰশাসনে আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীসমূহ তৎকালীনভাৱে সমাধান নকৰে, তেন্তে ৰাইজৰ সহযোগত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব। সংবাদ মেলত পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ অন্য দুজন আহ্বায়ক আহ্বায়ক উদ্দীপ জ্যোতি গগৈ, মনোৰঞ্জন ফুকন, ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি ফুলবৰ দিহিঙ্গীয়া, ৰূপহী জেৰেঙা সুৰক্ষা সমিতিৰ হীৰেন দুৱৰাও উপস্থিত থাকে। যৌথ সংবাদমেলখনত সমগ্ৰ বিষয়টোক লৈ তেওঁলোকৰ দাবী সমূহ এনেধৰণৰ –
১. বিস্তৃত জলসংক্ৰান্তীয় মূল্যাংকন (Comprehensive Hydrological Assessment):
বৃহত্তৰ অঞ্চলটোৰ পানী নিষ্কাশন প্ৰণালী আৰু নদীসমূহৰ এক জৰুৰী কাৰিকৰী মূল্যায়ন কৰি পানীৰ প্ৰৱাহত বাধাৰ সৃষ্টি কৰা স্থান, দুৰ্বল অংশ আৰু বানপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰিব লাগে, যাতে কাৰ্যকৰী আৰু দীৰ্ঘম্যাদী বান প্ৰশমনৰ ব্যৱস্থা গঢ়ি তুলিব পৰা যায়।
২. ঐতিহাসিক কীৰ্ত্তিচিহ্ন আৰু জলপথৰ সুৰক্ষাৰ লগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন নিষিদ্ধকৰণ:
ৰংঘৰ আৰু তলাতল ঘৰৰ পৰিসৰত বাৰম্বাৰ পানী আবদ্ধ হোৱাৰ ৰক্ষা পাবলৈ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰূপহী পথাৰ আৰু জেৰেঙা পথাৰত চলি থকা সকলো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন (Class change) ততালিকে বন্ধ কৰিব লাগে। প্ৰাকৃতিক জলপ্ৰৱাহ অক্ষত ৰাখিবলৈ এই দুয়োখন ঐতিহাসিক পথাৰ সংৰক্ষণ কৰিব লাগে। ইয়াৰ উপৰিও, ৰূপহীজান আৰু মিছাজানক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক জলপথ হিচাপে স্বীকৃতি দি এইবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে জৰুৰী আৰু পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৩. নামদাং নদীৰ খনন, শ্লুইছ গেট স্থানান্তৰ:
দিখৌ নদীত পানীৰ প্ৰৱাহ নিশ্চিত কৰিবলৈ নামদাং নদীৰ সম্পূৰ্ণ খনন (Dredging) কৰিব লাগে আৰু বৰ্তমানৰ নামদাং শ্লুইছ গেটখন এক হাইড্ৰ’লজিকেলভাৱে উপযুক্ত স্থানলৈ স্থানান্তৰ কৰিব লাগে। খনন কাৰ্য চলি থকাৰ সময়ত বৈজ্ঞানিক সংৰক্ষণ নীতি মানি চলিব লাগে, যাতে ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰা ৩২৩ বছৰীয়া নামদাং শিলৰ সাঁকোখন সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত থাকে।
৪. ডিমৌ নদীৰ খনন আৰু কালভাৰ্ট পুনৰ্নিৰ্মাণ:
ডিমৌ, মেটেকা, ৰূপহী আৰু জেৰেঙা পথাৰৰ পানী বৈ যোৱা ডিমৌ নদীৰ খনন কাৰ্য কোনো বিলম্ব নোহোৱাকৈ সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ উপৰিও ডিমৌ নদীৰ ওপৰত পহুগড়লৈ যোৱা বাটত থকা কালভাৰ্টটোৰ পৰিৱৰ্তে এখন পূৰ্ণ-দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰি ইয়াৰ পানী নিষ্কাশন ক্ষমতা বৃদ্ধি কৰিব লাগে।
৫. আন্তঃগাঁথনিৰ উন্নয়ন আৰু চাৰিলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথৰ সংশোধন:চলাজান আলিচিগাত (জেৰেঙা পথাৰৰ মূল পানী-নিষ্কাশন পথ) থকা কালভাৰ্টটো ভাঙি এখন পূৰ্ণ-দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰিব লাগে, পাভজানত থকা শ্লুইছ গেটখন ভাঙি দলং সাজিব লাগে আৰু দাউকী আলিৰ সৰু সৰু কালভাৰ্টসমূহ দলঙলৈ ৰূপান্তৰ কৰিব লাগে। নামদাং শিলৰ সাঁকোৰ কাষতে থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত প্ৰাকৃতিক পানী প্ৰবাহৰ পথ অক্ষত ৰাখিবলৈ ঠেক কালভাৰ্টৰ স্থানত উচ্চ ক্ষমতা সম্পন্ন দলং নিৰ্মাণ কৰিব লাগে।
৬. পানী নিষ্কাশনৰ পথৰ বেদখল উচ্ছেদ:
উপৰোক্ত পথাৰসমূহৰ পানী নিষ্কাশন কৰা সকলো প্ৰাকৃতিক সুঁতি, জান-জুৰি আৰু ঐতিহাসিক জলপ্ৰণালী সমূহ জৰুৰীভাৱে মুক্ত কৰিব লাগে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে এই মূল নিষ্কাশন পথসমূহ আৰু দিখৌ তথা নামদাং নদীৰ মথাউৰিৰ কাষত অবৈধভাৱে গঢ়ি উঠা নিৰ্মাণসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব লাগে।
৭. ৰংঘৰৰ চৌপাশৰ সুৰক্ষা আৰু মূল পথ মেৰামতি:
ৰূপহী বিল আৰু ৰূপহী পথাৰত আৱদ্ধ হৈ থকা পানীয়ে ৰংঘৰলৈ নিৰন্তৰ ভাবুকি কঢ়িয়াই আনিছে। মূল নিষ্কাশন পথত থকা ভাঙি পৰা বেজবৰুৱা কালভাৰ্টটোৰ পৰিৱৰ্তে এখন দলং নিৰ্মাণ কৰিব লাগে আৰু মানকাটা তিনিআলিৰ ওচৰৰ এ.টি. ৰোডৰ কালভাৰ্টটো এক আধুনিক, বহল দলঙলৈ ৰূপান্তৰ কৰিব লাগে।
৮. নামদাং নদীৰ পানীৰ ৰং সলনিৰ বৈজ্ঞানিক পৰীক্ষা :‘নামদাং’ নামটো ঐতিহাসিকভাৱে ‘নাম’ (পানী) আৰু ‘দাং’ (ৰঙা) ৰ পৰা আহিছে। কিন্তু দেখা গৈছে যে নদীখনৰ ৰং ৰঙাৰ পৰা স্পষ্টভাৱে সেউজীয়ালৈ ৰূপান্তৰ হৈছে, যিয়ে ইয়াৰ উৎস স্থানত কয়লা খননৰ ফলত পৰিৱেশ প্ৰদূষিত হোৱাৰ তীব্ৰ আশংকাৰ সৃষ্টি কৰিছে। পানীৰ ৰং সলনি হোৱাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু বানপীড়িত অঞ্চলত ইয়াৰ পাৰিপাৰ্শ্বিক তথা জনস্বাস্থ্যৰ প্ৰভাৱ মূল্যায়ন কৰিবলৈ অতি সোনকালে এক বিশেষ স্বতন্ত্ৰ বৈজ্ঞানিক তদন্ত আৰম্ভ কৰিব লাগে।
৯. আদ্ৰভূমি (Wetland) পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণ:
জিলাখনৰ সকলো প্ৰাকৃতিক জলাশয় (বিল) প্ৰকাৰান্তৰে সুৰক্ষিত, সংৰক্ষিত আৰু পুনৰুজ্জীৱিত কৰিব লাগে। এই প্ৰাকৃতিক বান নিবাৰক অঞ্চলসমূহত অবৈধ দখল, মাটি বেদখল প্ৰতিহত কৰিবলৈ প্ৰশাসনে কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
১০. পুৰণি পানীযোৱা পথ (Palaeochannels) সমূহৰ বৈজ্ঞানিক চিত্ৰায়ন আৰু সংৰক্ষণ:দিখৌ নদী আৰু ইয়াৰ উপনদীসমূহৰ পুৰণি জলপথসমূহ (Palaeochannels) ৰিম’ট চেন্সিং আৰু GIS প্ৰযুক্তি ব্যৱহাৰ কৰি বৈজ্ঞানিকভাৱে মেপিং কৰিব লাগে। এই জলপথসমূহত বেদখল প্ৰতিহত কৰিবলৈ আৰু প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা হিচাপে দীৰ্ঘম্যাদী পৰিকল্পনা নিশ্চিত কৰিবলৈ স্পষ্ট নীতি আৰু সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।































