Onions are sold at discounted prices in Guwahati:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পিয়াজৰ অত্যাধিক মূল্যবৃদ্ধি প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী,দিল্লী,চেন্নাই সহ কে’বাখনো মহানগৰীলৈ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা বৰে’লেৰে অনা বহু হেজাৰ কুইন্টল পিয়াজ ইতিমধ্যেই গুৱাহাটীত নমোৱাৰ পিছত শুকুৰবাৰৰ পৰা ৰেহাই মূল্যত যোগান ধৰা হৈছে ৷
ADVERTISEMENT
এনএএফইডি’ৰ জৰিয়তে মহানগৰীৰ বিভিন্ন স্থানত ৫ খন বাহনেৰে প্রতি কিলোগ্রামত ৩৫ টকাত বিক্ৰী কৰা হৈছে পিঁয়াজ ৷ গুৱাহাটীত প্ৰায় ২০০ কুইণ্টল পিঁয়াজ বিক্রীৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে।উল্লেখ্য যে মহানগৰীৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিয়াঁজ বিক্ৰী হৈ আছে ৬০ টকাকৈ ৷































