DelhiWeather : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। শুকুৰবাৰে ৰাজধানী দিল্লীত বৰষুণ আৰম্ভ হৈছে। অৱশ্যে আগন্তুক সময়ত বৰষুণৰ পৰিমাণ আৰু বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেৱল দিল্লীতে নহয়, সংলগ্ন অঞ্চলসমূহতো প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ বুলেটিন অনুসৰি, ৰাজধানীৰ অধিকাংশ অঞ্চলত মধ্যমীয়া বৰষুণ হ’ব। অৱশ্যে কোনো কোনো অঞ্চলত ৫০ৰ পৰা ১০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
কেৱল বৰষুণেই নহয়, দিল্লী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ধুমুহা সদৃশ বতাহো বলিব। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, বতাহৰ গতিবেগ ৪০-৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা হ’ব পাৰে। সৰ্বাধিক গতিবেগ ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।
উত্তৰ মধ্যপ্ৰদেশ আৰু দক্ষিণ উত্তৰপ্ৰদেশৰ ওপৰত এটা নিম্নচাপীয় অঞ্চল সৃষ্টি হৈছে। ইয়াৰ স’তে এটা মৌচুমী অক্ষৰেখাও উক্ত অঞ্চলত সক্ৰিয় হৈ আছে। ইয়াৰ ফলত উত্তৰ ভাৰতৰ কেবাটাও অংশত প্ৰচণ্ড পৰা অত্যধিক বৰষুণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হৈছে।
ইফালে ৰাজস্থানৰ পূব আৰু দক্ষিণ-পূব অঞ্চলতো অত্যধিক বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বিগত ২৪ ঘণ্টাত ৰাজস্থানৰ কেবাটাও স্থানত প্ৰবল বৰষুণ হৈছে। সৱাই মাধোপুৰৰ খণ্ডাৰত ১৩০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে।
ইয়াৰ উপৰি আলৱাৰ, ভৰতপুৰ, দৌছা, ধৌলপুৰ, জয়পুৰ, ছিকৰ, ভীলৱাড়া, কৰৌলী, টোংক আৰু কোটাত মধ্যমীয়া বৰষুণৰ পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।































