FoodSafety : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ একমাত্ৰ বিলিয়নিয়াৰ বিনোদ চৌধুৰীৰ ব্ৰেণ্ড ‘ৱাই-ৱাই’ ইনষ্টেণ্ট নুডলছ এইবাৰ FSSAIৰ নজৰত। ৰাজস্থানত অৱস্থিত চিজি ফুডছ ইণ্ডিয়াৰ এটা কাৰখানা পৰিদৰ্শন কৰিবলৈ গৈ তদন্তকাৰীসকল হতভম্ব হৈ পৰে।
অভিযোগ অনুসৰি, তদন্তকাৰীসকলে দেখিবলৈ পায় যে মজিয়াত পৰি থকা নুডলছ কোনো ধৰণৰ তাপ প্ৰয়োগ নকৰাকৈ পুনৰ ব্যৱহাৰ কৰি ভুজিয়া নামৰ ভাৰতীয় জলপান প্ৰস্তুত কৰা হৈছিল।
ইয়াৰ পাছতে কাৰখানাটোৰ পৰা ৩২ হেজাৰ কিলোগ্ৰাম মজুত আৰু ম্যাদ উকলি যোৱা সামগ্ৰী জব্দ কৰা হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্ৰত এই তথ্য প্ৰকাশ পাইছে।
যোৱা কিছুদিন ধৰি দেশজুৰি বিভিন্ন ৰেস্তোৰাঁ, হোটেল আৰু অন্যান্য স্থানত অভিযান চলাই খাদ্যৰ গুণগত মান পৰীক্ষা কৰি আহিছে FSSAIয়ে। আনকি পিজ্জা হাট আৰু ডমিন’জৰ দৰে বহুজাতিক সংস্থাতো অভিযান চলোৱা হৈছে। এইবাৰ FSSAIৰ নজৰত পৰিছে ‘ৱাই-ৱাই’।
FSSAIয়ে জনোৱা অনুসৰি, মজিয়াৰ পৰা ভঙা নুডলছ সংগ্ৰহ কৰা হৈছিল। সেই নুডলছ কোনো ধৰণৰ তাপ প্ৰয়োগ নকৰাকৈ ভুজিয়াৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছত বৃহৎ পৰিমাণৰ মজুত আৰু ম্যাদ উকলি যোৱা সামগ্ৰী জব্দ কৰা হয়। সমগ্ৰ বিষয়টো তদন্ত কৰি থকা হৈছে।
ইফালে, ইতিমধ্যে লে’জ চিপছ আৰু কুৰকুৰেৰ একাধিক ফ্লেভাৰ, মেগি আৰু ন’ৰৰ একাধিক ফ্লেভাৰৰ নুডলছ আৰু ছুপৰ পেকেটত তাৰিখ সলনি কৰাৰ অভিযোগ উঠিছে। থামছ আপ আৰু লিমকাৰ দৰে জনপ্ৰিয় ছফ্ট ড্ৰিংকো বেআইনীভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।
সাধাৰণতে তাৰিখ সলনি কৰাৰ এই প্ৰক্ৰিয়া গুদামসমূহতে চলিছিল। সেই গুদামসমূহত অভিযান চলায় মহাৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (FDA)ৰ বিষয়া আৰু নৱী মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে বৃহৎ কাৰবাৰটোৰ সন্ধান উলিয়াইছে।
ইফালে, মহাৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনৰ আয়ুক্ত পদত থকা IAS তুকাৰাম মুণ্ডেই তিনিহাজাৰৰো অধিক হোটেল আৰু ৰেস্তোৰাঁত অভিযান চলাইছে। ইয়াৰ ভিতৰত ১৬৫টা অনুজ্ঞাপত্ৰ পোনপটীয়াকৈ বাতিল কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে তিনিশৰো অধিক লোকক। লগতে প্ৰায় ৩০ লাখ কিলোগ্ৰাম ভেজাল খাদ্য জব্দ কৰা হৈছে।
ফলত সামগ্ৰিকভাৱে এতিয়া প্ৰশ্ন উত্থাপন হৈছে—নামী-দামী ব্ৰেণ্ড আৰু ৰেস্তোৰাঁৰ খাদ্যৰ মানদণ্ড যদি এনেকুৱা হয়, তেন্তে সমগ্ৰ ছবিখন প্ৰকৃততে কিমান ভয়ংকৰ?































