Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:জনতাক কোঙা কৰি বিভিন্ন সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ অন্যতম কাৰণ ৰাজ্যত অবাধ ছিণ্ডিকেটৰাজ বুলি আজি সংবাদমেলত সৰৱ হৈ উঠে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। এই ছিণ্ডিকেট ৰাজৰ সুবাদত মন্ত্রী-মুখ্যমন্ত্ৰীৰো অবৈধ সম্পত্তি বৃদ্ধি পোৱা বুলিও তেওঁ ক্ষোভ প্রকাশ কৰিছে।
গগৈয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ছিণ্ডিকেট মাফিয়া হৰেন মহন্ত, সুনীল বাঞ্চাল আৰু গোবিন সৰকাৰৰ পাছত এইবাৰ ওলাইছে গুৱাহাটীৰ ছিণ্ডিকেট সাম্ৰাজ্যৰ নতুন ‘ডন’ (অন্ধকাৰ সাম্ৰাজ্যৰ খলনায়ক) ৰাজদ্বীপ দাস।মেঘালয়ৰ পৰা বিভিন্ন সামগ্রী লৈ অহা ট্রাকসমূহৰ পৰা ৰাজদ্বীপৰ নেতৃত্বত আৰক্ষীৰ সহযোগত যোৰাবাটত দৈনিক ৪৮ লাখ টকাকৈ মাহিলি মুঠ ১৪.৪০ কোটি টকা সংগ্ৰহ কৰি আহিছে বুলি গগৈয়ে অভিযোগ উত্থাপন কৰে। এই মাফিয়াৰাজৰ বিষয়ে গগৈয়ে সংবাদমেলত লগতে কয়, ‘ৰাজ্যত এতিয়া সকলো সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হৈছে এই অবৈধ ছিণ্ডিকেটবোৰ।
মেঘালয়ৰ পৰা অহা কয়লা ভৰ্তি ট্ৰাকৰ লগতে চূণ শিল, বাঁহ আদি সকলো সামগ্রী কঢ়িওৱা ট্ৰাকৰ পৰা কোটি কোটি টকাৰ গুণ্ডাকৰ সংগ্ৰহ কৰা ৰাজদ্বীপ দাসৰ এই ভয়ংকৰ ছিণ্ডিকেটৰাজেও ৰাজ্যত বয়-বস্তুৰ মূল্য বৃদ্ধিত এক ভয়ানক কুপ্রভাৱ পেলাইছে।
এই গুণ্ডাকৰৰ ফলত এফালে ৰাজদ্বীপহঁতৰ দৰে মাফিয়াৰ জেপ গৰম হৈছে, মন্ত্রী-মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি বাঢ়িছে, আৰক্ষী বিষয়াসকল ধনী হৈছে। আনফালে, সাধাৰণ ৰাইজে চাউল, দাইল, আলু, মিঠাতেল, কণী, পিঁয়াজ, ঝাড়ু, ৰ’দ বাঁহ আদি ক্ৰয়ৰ নামত মূৰে-কপালে হাত দিবলগীয়া হৈছে।’ এই সম্পর্কত গগৈয়ে লগতে কয়, ‘মেঘালয়ৰ পৰা বৰ্তমানে অসমত নিতৌ ৬০ খনৰো অধিক কয়লা ভর্তি ট্রাকে যোৰাবাট হৈ অসমত প্ৰৱেশ কৰে। ডিচেম্বৰৰ পৰা এপ্ৰিললৈ এই ট্রাকৰ সংখ্যা দৈনিক ১৫০ৰ পৰা দুশখনলৈ বৃদ্ধি পায়।
এইদৰে অসমত প্ৰৱেশ কৰা কয়লা ৰাজ্যৰ বিভিন্ন ইটাভাটা আৰু বাহিৰলৈ প্ৰেৰণ কৰা হয়। ততোধিক ডাঙৰ কথাটো হৈছে এই কয়লা চুবুৰীয়া বাংলাদেশলৈও ৰপ্তানি কৰা হয়। ৰাজদ্বীপ দাসৰ নেতৃত্বত চলা এই অবৈধ ছিণ্ডিকেটে প্রতিখন ট্ৰাকৰ পৰা ৮০ হেজাৰ টকাকৈ গুণ্ডাকৰ সংগ্ৰহ কৰে। এনেদৰে মুঠতে মাহে ১৪ কোটি ৪০ লাখকৈ টকা ছিণ্ডিকেট চক্রটোরে সংগ্রহ কৰি আহিছে। এয়া কেৱল অফ ছিজনৰ হিচাপহে।
কয়লা ভর্তি ট্ৰাকৰ পৰা ৰাজদ্বীপৰ চক্ৰই মাহে ১৪.৪০ কোটি টকা সংগ্ৰহ কৰাৰ উপৰি চুণ শিল, বাঁহ আদি কঢ়িয়াই অনা ট্ৰাকৰ পৰাও গুণ্ডাকৰ সংগ্ৰহ কৰি আহিছে।’
সংবাদমেলত গগৈয়ে লগতে অভিযোগ উত্থাপন কৰে যে মাফিয়া ৰাজদ্বীপৰ স’তে আন এজন ছিণ্ডিকেট মাফিয়া নয়ন ঘোষো জড়িত আছে। তেওঁ কয় যে মেঘালয়ৰ পৰা অহা কয়লা, চুণ শিল, বাঁহ, ঝাড়ু আদি সামগ্ৰীবাহী ট্রাকসমূহ যোৰাবাটৰ উৰণীয়া সেতুৰ তলত আৰক্ষী আৰু ৰাজদ্বীপৰ গুণ্ডাবাহিনীয়ে একেলগ হৈ পৰীক্ষা কৰে। যদিহে এই ট্রাকবোৰে গুণ্ডাকৰ পূৰ্বেই দি আহে, তেন্তে সেই ট্রাকবোৰক যাবলৈ দিয়া হয়।
কোনো ট্রাকৰ চালকে যদি গুণ্ডাকৰ দিয়া নাই, তেন্তে তেনে ট্রাকক আৰক্ষী থানালৈ নিয়া হয় বা মাৰধৰ কৰি ট্ৰাকখনৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰা হয়। এই সমগ্র প্রক্রিয়াটো অত্যন্ত পৰিকল্পিতভাৱে চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ আৰু কয় যে সেই পার্কিং প্লেচত ৰাজদ্বীপ দাসৰ এজেন্টে ট্রাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰি ‘ভাই দা’ নামৰ এজন ব্যক্তিৰ হাতত জমা দিব লাগে।
এনেকৈ এজন এজেন্টে এখন ট্ৰাকৰ পৰা ৮০ হেজাৰ টকা সংগ্ৰহ কৰিলে
এজেণ্টজনে দুহেজাৰ টকা লাভ কৰে। দিনটোত পাঁচখনমান ট্রাকৰ অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিব পাৰে বুলি অখিল গগৈক তেনে কিছুমান এজেন্টে জানিবলৈ দিয়ে। এই প্ৰক্ৰিয়াটোত ৩২ জনৰ পৰা ৩৫ জনমান এজেন্টে শৃংখলাবদ্ধভারে গাড়ীসমূহ পাৰ কৰাত সহায় কৰে। প্রথমে তেওঁলোকে ঠায়ে ঠায়ে এখন এখন ট্ৰাকৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে, তাৰ পাছত গুণ্ডাকৰ সংগ্ৰহ কৰা ট্রাকসমূহৰ নাম্বাৰবোৰ এটা এটাকৈ মূল এজেন্টজনলৈ প্ৰেৰণ কৰে।
অৰ্থাৎ গুণ্ডাকৰ দিয়াৰ লগে লগে ট্রাকসমূহে লাভ কৰে অসমত প্ৰৱেশ কৰাৰ পামিট। গুৱাহাটী মহানগৰ আৰক্ষীৰ প্ৰত্যক্ষ সহযোগ অবিহনে এনেকৈ ছিণ্ডিকেট চলোৱাটো অসম্ভৱ বুলি মন্তব্য কৰি অসম আৰক্ষীলৈ আঙুলি টোঁৱাইছে বিধায়ক গগৈয়ে।
ADVERTISEMENT






























