Sarupathar CDSP Arrested:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ । বহু অপৰাধীৰ হাতত হেণ্ডকাপ লগোৱা দ্বীপেন পাটৰৰ হাতত লাগিল হেণ্ডকাপ ৷ অএনজিচিৰ পাইপলাইনৰ পৰা খাৰুৱা তেল চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় পাটৰক ৷ গোলাঘাট আৰক্ষীৰ এটা দলে পাটৰক কাৰ্যালয়ৰে পৰা গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে অএনজিচিৰ পাইপলাইনৰ পৰা খাৰুৱা তেল চুৰি কৰি থকা সময়ত তেল চোৰৰে কথোপকথন কৰা দীপেন পাটৰৰ কল ৰেকৰ্ডিঙ পৰীক্ষা কৰিছিল আৰক্ষীয়ে ৷ আনকি আৰক্ষীৰ অভিযানৰ পূৰ্বেও তেল চোৰৰ মাতৃৰ স’তে কথাবতৰা হৈছিল পাটৰৰ ৷ পাটৰৰ পৰামৰ্শ অনুসৰিয়ে তেল চোৰৰ মাতৃয়ে আৰক্ষীৰ অভিযানৰ পূৰ্বে চিকিৎসাধীন হৈছিল।
পাটৰৰ ফোন ৰেকৰ্ডিং আৰক্ষীয়ে পৰীক্ষা কৰাৰ লগতে মাৰাথন সোধপোছৰ অন্তত অৱশেষত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধুৰন্ধৰ আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আটকাধীন আৰক্ষী বিষয়াজনৰ স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে চিজিএম আদালতলৈ হাজিৰ কৰাই পুনৰ নিজৰ জিন্মাত লয় ৷































