Horoscope: মেষ: গৱেষকসকলে কর্মত নতুন উৎসাহ পায়। কোনো সংবাদত মন ঠিক নাথাকিব পাৰে। কৰ্মস্থানত সহকর্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। প্রেমত শুভ। শুভ ৰং ৰঙা।
বৃষ: ধনপ্রাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকর্মত মন দিয়ক। ব্যৱসায়ীসকল লেন-দেনত বাধাপ্রাপ্ত হ’ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং হালধীয়া।
মিথুন: সামগ্রিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব। কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক। নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি। শুভ ৰং নীলা।
কর্কট: আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে। শুভ ৰং মেৰুণ।
সিংহ: নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব পাৰে সাৱধানে থাকক। কর্মস্থানত নতুন দায়িত্ব পৰিব। দাম্পত্যত জেদভাব ত্যাগ কৰক। ভ্ৰমণৰ বাবে যো-জা। শুভ ৰং ক’লা।
কন্যা: আর্থিকত খৰচ বৃদ্ধি পালেও সি প্রয়োজনীয় কাৰণ হ’ব পাৰে। কেন্দ্র বিশেষে অর্থ লাভৰ আশাও কৰিব পাৰে। পাৰিপাৰ্শ্বিকত বিশেষ বাধা নাপাব। মাতৃৰ শৰীৰ ঠিকেই থাকিব। শুভ ৰং সোমথিয়া।
তুলা: দিনটো আপোনাৰ মোটামোটি ভালেই যাব। আর্থিকত প্রাপ্যধন পোৱাৰ আশা কৰিব পাৰে। ব্যৱসায়ত আইনগত বাধা আহিব। ভ্রমণত দ্রব্য লাভৰ কাৰকতা। শুভ ৰং ভাটো।
বৃশ্চিক: সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল। সন্তানৰ সুসংবাদ পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আর্থিক সমস্যাৰ সমাধান হ’ব। শুভ ৰং কমলা।
ধনু: যোগ্যতা সম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মত সুচল অনুভৱ কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা। শুভ ৰং চিলভাৰ।
মকৰ: মান সম্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব। নতুন কর্ম সন্ধানৰ সম্ভাৱনা। বিদ্যাত শুভ। হঠাৎ আনন্দৰ কৰক। শুভ ৰং হালধীয়া।
কুম্ভ: সামান্য উন্নত হ’লেও দুই-এটা ক্লেশদায়ক কথাই মন গধুৰ কৰিব পাৰে। কিন্তু সতর্ক থাকিলে বহুতো হ্রাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া। শুভ ৰ সেউজীয়া।
মীন: অস্থিৰতা বৰ্জন কৰক। চেষ্টা কৰক। যান-বাহনৰ পৰা সাৱধান, আকস্মিক আঘাত প্ৰাপ্তিৰ সম্ভাৱনা। ব্যৱসায়ীসকলে সফলতা পাব। শুভ ৰং সোণালী।































