CEC does not have the power to make decisions alone:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশৰ সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত নির্বাচন আয়োগ হৈছে এক সাংবিধানিক সংস্থা। সংবিধানৰ উক্ত অনুচ্ছেদ অনুসৰি নিৰ্বাচন আয়োগ এজন মুখ্য নির্বাচন আয়ুক্ত আৰু দুজন নির্বাচন আয়ুক্তৰে গঠিত হয়। সংবিধানে তিনিওজন নির্বাচন আয়ুক্তক সমমর্যাদা প্রদান কৰিছে। মুখ্য নির্বাচন আয়ুক্ত সমানৰ মাজত প্ৰথম। সংবিধানে মুখ্য নির্বাচন আয়ুক্তক অকলে সিদ্ধান্ত লোৱাৰ কোনো ক্ষমতা প্রদান কৰা নাই। তদুপৰি ২০২৩ৰ মুখ্য নির্বাচন আয়ুক্ত আৰু আন নির্বাচন আয়ুক্তসকল (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকালৰ চৰ্ত) আইনৰ ১৮ ধাৰাতো কোৱা হৈছে যে আয়োগৰ সকলো কাম-কাজ যিমানদূৰ সম্ভৱ হয় সর্বসম্মতিক্রমে সম্পাদন কৰিব লাগিব।
যদি কোনো বিষয়ক লৈ মুখ্য নির্বাচন আয়ুক্তসকল ঐক্যমতত উপনীত নহয়, তেন্তে সিদ্ধান্ত সংখ্যাগৰিষ্ঠৰ মতামত অনুসৰি গ্ৰহণ কৰিব লাগিব। উক্ত আইনৰ এই একেটা ধাৰাই লগতে কৈছে যে আয়োগক কামৰ বিভাজন অনাৰ আৰু নিজা নিয়মাৱলী বন্দবস্তিৰ কর্তৃত্ব প্ৰদান কৰিছে যদিও সেয়াও সর্বসম্মত সিদ্ধান্ত মর্মে হ’ব লাগিব। কিন্তু এছআইআৰৰ বিতর্কিত একাধিক বিষয়ত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দুই নির্বাচন আয়ুক্তক আন্ধাৰত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰে।































