Wild Elephant:পাহাৰ টকলা হোৱা বাবেই ভৈয়ামলৈ নামি আহিছে জাকে জাকে বন্যহস্তী
এসময়ত সূৰ্যৰ ৰ’দ পর্যন্ত নপৰা সেউজ অৰণ্যাবৃত পাহাৰমালা কাৰ বাবে ধ্বংস হ’ল?
বন বিভাগে ৰোপণ কৰা ২.৩৫ কোটিৰ বাঁহ গছৰ অস্তিত্বই নাই
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মানৱসৃষ্ট কেতবোৰ কাৰকৰ বাবেই অবিভক্ত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পাহাৰসমূহ এতিয়া বন্যহস্তীৰ হস্তীৰ আৱাসস্থলীৰ উপযোগী হৈ থকা নাই। তদুপৰি তাহানিৰ সেউজ অৰণ্যাবৃত, সূৰ্যৰ ৰ’দ-পোহৰ পর্যন্ত নপৰা অবিভক্ত নগাঁও জিলাৰ লগতে দাঁতিকাষৰীয়া কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ একাধিক পাহাৰমালা কাহানিবাই টকলা হৈ পৰিল।
বন বিভাগৰ দায়িত্বহীনতা, পাহাৰৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সচেতনতাহীনতা, একাংশ চোৰং ব্যৱসায়ীৰ অবাধ বন ধ্বংসৰ বাবেই পাহাৰসমূহ টকলা হৈ পৰা পৰিলক্ষিত হৈছে। এই বন ধ্বংসৰ বাবেই নগাঁও জিলাৰ কন্দলি গ্ৰস্তাবিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি ডবকা পাহাৰ মালাৰ নান পাহাৰ পর্যন্ত বন্যহস্তীৰ আৱাসস্থলী আৰু খাদ্যৰ তীব্র সংকটে দেখা দিয়ে।
যাৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ সন্ধানতে পাহাৰৰ পৰা জাকে জাকে বনৰীয়া হাতী ভৈয়ামলৈ নামি আহি তাণ্ডৱ আৰম্ভ কৰে। ফলত সৃষ্টিহয় হাতী-মানুহৰ প্ৰচণ্ড সংঘাত। এই সংঘাতৰ পৰিপ্ৰেক্ষিতত বহু বন্যহস্তীৰ লগতে মানুহৰো মৃত্যু হোৱা পৰিলক্ষিত হৈছে। নগাঁও, হোজাই আৰু কাৰ্বি আংলং জিলাৰ কন্দলি প্রস্তাবিত সংৰক্ষিত বনাঞ্চল, বামুণী থান পাহাৰ চূড়া, হায়েংখল পাহাৰ মালা, ডেৰাগাঁও পাহাৰ মালা, পুলিবাগান পাহাৰমালা, চাপানলা বনাঞ্চল, জীয়াজুৰি, হাতীখুলি, হায়েংথল, নৱজ্যোতি (শিলভেটা), কাফিতলী আহুতলী পাহাৰমালা, নতুন বস্তি পাহাৰ মালাৰ পৰা ডৱকা পাহাৰ মালাব ক্রমে ডৱকা, লংকাইজুবি, শ্যামযাদু, ডলচূড়া, আকাশী গংগা, উর্ধ্ব গংগা, জকতা দুমুখ সবিয়হতলী পাহাব মালা, বং বিং বে, গাই চিনেৰী, নিচান পাহাৰ পৰ্যন্ত বিশাল অঞ্চল বন্যহস্তীৰ আৱাসস্থলী হিচাপে চিহ্নিত হৈছিল।
স্মর্তব্য যে বিগত ১৯৮৯-১৯৯০চন পর্যন্ত সেই পাহাৰমালা সমূহত শাল, চেগুন, গমাৰী, শিশু, মাকৰিশাল, তিতাচপা, মৌ ডিমৰু আদিৰ লগতে বন্যহস্তীৰ অতি প্রিয় খাদ্য হিচাপে বিবেচিত টেঙাবড়, জলিবড়, গেন্দ্ৰিবড়, ৰঙা আঁহত আদি গছে ঠাহ খাই আছিল। তদুপৰি পাহাৰত পাতলকৈ হ’লেও কিছু বাঁহ গছ আৰু কল গছো আছিল।
কিন্তু বন বিভাগৰ চৰম নেতিবাচক ভূমিকা, একাংশ অর্থলিপ্স বন বিষয়া-কর্মচাৰীৰ চোৰাং ব্যৱসায়ীৰ স’তে থকা মিতিৰালিৰ পৰিপেক্ষিতত চোৰাং ব্যৱসায়ীয়ে পাহাৰত অবাধ বন ধ্বংস চলায়। এফালৰ পৰা গছ-গছনি কাটি খাস্তাং কৰে। আনকি পাহাৰীয়া জিলা খনত পাহাৰৰ গছ-গছনি কাটি পাহাৰৰ মাটিত বিভিন্ন খেতি পর্যন্ত কৰিবলৈ লয়। তদুপৰি বাঁহগছসমূহ কাটিতো তহিলং কৰিলেই সময়ত বাঁহৰ গাঁজ ওলালেও সেইবোৰ কাটি নি বজাৰত বিক্ৰী কৰে। ফলত বাঁহগছ বিস্তাৰ হ’বই নোৱাৰে।
ঠিক একেদৰে কলগছ সমূহো কাটি শেষ কৰে। পাহাৰ টকলা হৈ পৰাৰ লগে লগে বন্যহস্তীৰ আৱাসস্থলী ক্ৰমাৎ সংকুচিত হৈ পৰে। বন ধ্বংসৰ লগে লগে হাতীৰ প্ৰিয় খাদ্য হিচাপে চিহ্নিত আন গছ-গছনিসমূহো কাটি নাইকিয়া কৰাত পাহাৰৰ হাতীয়ে খাদ্যৰ সন্ধানত সঘনাই ভৈয়ামলে নামি আহে আৰু প্ৰতিৱেশী গাঁওসমূহৰ লগতে চাহ বাগিচাত তাণ্ডৱ চলায়। হাতী আৰু মানুহৰ সংঘাত নাইকিয়া কৰিৰ নিমিত্তে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বন বিভাগে বিশেষ কোনো ধৰণৰ পদক্ষেপেই গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ বিভিন্ন আঁচনিৰ জৰিয়তে বৃক্ষৰোপণ, বাঁহগছ ৰোপণৰ নামত কোটি কোটি টকাৰ লুণ্ঠন চলাই অহাহে পৰিলক্ষিত হৈছে।
উল্লেখ্য যে বিগত ২০০৬-২০০৭ৰ পৰা ২০১৫-২০১৬ ৰ সময়ছোৱাৰ ভিতৰত নগাঁও জিলাত এক বিশেষ আঁচনিৰ অধীনত বাঁহগছ ৰোপণৰ নামত ২.৩৫ কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল। এই বিশাল পুঁজিৰ ধনৰে পাঁচ বনাঞ্চলিক অঞ্চলৰ ১৫৫৫ হেক্টৰ মাটিত বাঁহগছ ৰোপণ কৰা বুলি বিভাগীয় নথিত উল্লেখ আছে যদিও ৰোপণ কৰা বাঁহগছবোৰ ক’লৈ গ’ল সেয়াহে চিন্তনীয় বিষয়।
নগাঁও বন সংমণ্ডলে বিগত ২০০৬-২০০৭ৰ পৰা ২০১৫-২০১৬ৰ ভিতৰত কেতবোৰ যৌথ বন পৰিচালনা সমিতিৰ জৰিয়তে শালনা, ধৰমতুল, কামপুৰ, কঠিয়াতলি আৰু মৰিগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অঞ্চলধীন বনাঞ্চলত বাঁহগছ ৰোপণৰ নামত এই ২.৩৫ কোটি টকাৰ বৃহৎ দুর্নীতি সংঘটিত হৈছিল। প্রধানতঃ বন্যহস্তীৰ খাদ্য হিচাপে এই বাঁহগছ সমুহ ৰোপণৰ নামত ইমানেই দুর্নীতি সংঘটিত হৈছিল যে এতিয়া সেই বাঁহ গছৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই।
প্রকৃততে ১৫৫৫ হেক্টৰ মাটিৰ কথাতো বাদেই ৫০০ হেক্টৰ মাটিটো বাঁহগছ ৰোপণ কৰা নাছিল। যি অলপ মাটিত বাঁহগছ ৰোপণ কৰা হৈছিল সেইবোৰৰ অধিকাংশৰেই এতিয়া কোনো ধৰণৰ অস্তিত্ব বিচাৰি পোৱা নাযায়। স্মর্তব্য যে স্বাভাৱিকতে এপ্রিল মাহৰ পাছতেই বাঁহগছৰ গাঁজ ওলায়। পৰৱৰ্তী কালত বাঁহগছ সদায় সম্প্ৰসাৰণ হয়। যদিহে ২০০৬-২০০৭ৰ পৰা ২০১৫-২০১৬ৰ ভিতৰত ১৫৫৫ হেক্টৰ মাটিত বাঁহগছ ৰোপণ কৰা হৈছিল এতিয়া সেই বাঁহগছে পাহাৰ ছানি ধৰিব লাগিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হে নুঠিল একমাত্র দুর্নীতি আৰু অনিয়মৰ বাবে।
সেই বাঁহবোৰ বনাঞ্চলত থকা হ’লে ই বন্যহস্তীৰ বাবে উৎকৃষ্ট খাদ্য হৈ পৰিলেহেঁতেন। পাহাৰত হাতীৰ আৱাসস্থলীৰো নাটনি নহ’লহেঁতেন। কিন্তু বাঁহগছ ৰোপণতকৈ বাঁহগছ ৰোপণৰ বাবে আবণ্টিত ধনৰ ওপৰত লুণ্ঠনৰ প্রকোপ বেছি হোৱা হেতুকে সমগ্র আঁচনিখনেই প্রহসনত পৰিণত হয়। শেহতীয়াকৈ শালিধান চপোৱাৰ সময়ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত বিভিন্ন অঞ্চলত এটা বৃহৎ বন্যহস্তীৰ জাকৰ উপদ্ৰৱত ত্রাহি মধুসূদন সুঁৱৰিছে কৃষক ৰাইজে।
জিলাখনৰ বৃহত্তৰ কামপুৰ অঞ্চলত শালিধান পকাৰ সময়তে কে’বাশ হাতীৰ বৃহৎ জাকে কামপুৰৰ প্ৰায় ১০খন গাঁৱৰ কৃষক ৰাইজৰ সপোনৰ পথাৰত উপদ্ৰৱ চলাইছে। এদিন দুদিন নহয় এসপ্তাহ ধৰি হাতীৰ জাকটোৱে অবস্থান কৰি আছে দৰঙীয়াল গাঁও আৰু ম’হগৰি আটিগাঁৱৰ পাছফালৰ পথাৰত। হাতীৰ ভয়ত কেঁচা ধানকে কাটিব লগা হৈছে কৃষকে। বিভিন্ন স্থানত ধান খাই কৃষকৰ সপোন নষ্ট কৰিছে বনৰীয়া হাতীৰ জাকটোরে।বৃহৎ হাতীৰ জাকটোৱে পলসা, বৰকলা, মহগৰিয়া আটি, দৰঙীয়াল গাঁও, নিজকামপুৰ, মাজগাঁও, গোৱালাগাঁও আৰু নিজ নাৰিকলি আদর্শ গাঁৱৰ কৃষকৰ খেতি পথাৰলৈ ভীষণ ভাবুকি কঢ়িয়াই আনিছে। ইপিনে, জিলাখনৰ বামুণী, কন্দলি, কঠিয়াতলি, ৰেংবেং, তেতেলীসৰা, তেলীয়াআটি, পলসা, বৰকলা, দৰঙীয়াল গাঁও, ম’হগৰীয়া আদি অঞ্চলতো বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে। হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগক তাৎক্ষণিক পদক্ষেপ ল’বলৈ দাবী জনাইছে কৃষক ৰাইজে।
কামপুৰ বনবিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ হাতী খেদাৰ চেষ্ট কৰিছে যদিও হাতীৰ জাকটো খেদিবলৈ সক্ষম হোৱা নাই বনবিভাগ। ফলত আতংকিত হৈ পৰিছে ৰাইজ।
ADVERTISEMENT


































