Gujarat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:গুজৰাটৰ এ টি এছে সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ উফৰাই জঈছ-ঈ-মহম্মদৰ সৈতে সম্পৰ্ক থকা এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত ২২বছৰীয়া মহম্মদ চাহাৰুল ইছলাম নামৰ জেহাদীটোৰ ঘৰ অসমৰ শ্ৰীভূমিত। গুজৰাট এ টি এছৰ তথ্য অনুসৰি অভিযুক্তৰ পৰা এটা ৰাইফল আৰু ২৩ জাঁই গুলী উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি এ টি এছৰ দলে জেৰা অব্যাহত ৰাখিছে। এই গোচৰৰ আঁত ধৰি এক বৃহৎ অভিযান চলি আছে গুজৰাটত I
গুজৰাটৰ এ টি এছৰ উপ- মহাপৰিদৰ্শক সুনীল যোশীৰ মতে, সংস্থাটোৱে আন এখন ৰাজ্যৰ এজন লোকে গুজৰাটৰ বডোদৰাৰ বায়ুসেনা ঘাটিত ভয়ংকৰ সন্ত্রাসবাদী আক্রমণৰ পৰিকল্পনা কৰা বুলি তথ্য লাভ কৰে। ইয়াৰ পিছতে এ টি এছে তদন্ত আৰম্ভ কৰি শুংসূত্ৰ লাভ কৰে যে অসমৰ বাসিন্দা মহম্মদ ইছলাম কবিৰুদ্দিনে ম’বাইল ফোনটো চুইচ অফ কৰি বদোদৰাৰ এখন হোটেলত বাহৰ পাতি আছে ৷তেওঁ দহোদলৈও গৈছিল। তেওঁৰ গতিবিধি নিৰীক্ষণ কৰাৰ পিছত এ টি এছে বিভিন্ন স্থান অৱৰোধ কৰি আটক কৰে।
তালাচীৰ সময়ত তেওঁৰ বেগৰ পৰা এটা AK-47 , দুটা খালী মেগজিন, ২৩ জাঁই গুলী, এখন জঈছ-ঈ-মহম্মদৰ পতাকা, এটা ম’বাইল ফোন, এখন চিম কাৰ্ড, আৰু নগদ ধন উদ্ধাৰ কৰা হয়। তেওঁ কয় যে জেৰাৰ সময়ত তেওঁৰ লিংকমেনক মুফতি ৰফিক ওৰফে ইবনে আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে।এ টি এছৰ তথ্য অনুসৰি লিংকমেনে তেওঁক ফোন ম’বাইল ক্ৰয় কৰিবলৈ, হোটেলত থকাৰ ব্যৱস্থা কৰিবলৈ, ভ্ৰমণৰ খৰচ বহন কৰিবলৈ ৫০ হাজাৰ টকা দিছিল। এই আক্ৰমণৰ পিছত অভিযুক্তই পাকিস্তানলৈ গৈ পোনপটীয়াকৈ জঈছ-ঈ-মহম্মদত যোগদান কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
ADVERTISEMENT






























