GHC Judgement:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পান কাৰ্ড আৰু ভোটাৰ পৰিচয়পত্ৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয়। আজি এক গোচৰৰ ৰায়দান কৰি এই মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে। বিদেশী ন্যায়াধিকৰণে অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা দৰং জিলাৰ কুলছান বেগম নামৰ এগৰাকী মহিলাব এটি গোচৰত এই মন্তব্য কবে ন্যায়াধীশদ্বয় কল্যাণ বাই চুড়ানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে।
উল্লেখ্য যে ন্যায়াধিকৰণে বিদেশী বুলি কৰা ঘোষণাক প্রত্যাহ্বান জনাই কুলছান বেগম উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। নিজকে ভাৰতীয় বুলি দাবী কৰি মহিলা গৰাকীয়ে দাখিল কৰা লেখ আবেদনৰ লগত নিজৰ নাগৰিকত্বৰ সমৰ্থনত পান কার্ড, ভোটাৰ পৰিচয়পত্র, ভোটাৰ তালিকাকে ধৰি ১৩ বিধ নথি উচ্চ ন্যায়ালয়ত দাখিল কৰে। দীর্ঘদিন ধৰি আবেদনৰ শুনানি অনুষ্ঠিত হয়।
বুধবাৰে খণ্ড বিচাৰপীঠে এই লেখ আবেদনৰ ৰায়দান কৰি মন্তব্য কৰে যে পান কার্ড আৰু ভোটাৰ পৰিচয়পত্ৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। কিয়নো আয়কৰ বিভাগ আৰু দেশৰ নির্বাচন আয়োগে আনুষ্ঠানিক কোনো অনুসন্ধান নকৰাকৈ আবেদনকাৰীৰ নিজস্ব আবেদনৰ ভিত্তিত পান কার্ড আৰু ভোটাৰ পৰিচয়পত্র প্রদান কৰে। আন কোনো নথিপত্ৰ অবিহনে পান কার্ড আৰু ভোটাৰ পৰিচয় পত্ৰক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্রহণ কৰিব নোৱাৰি। গতিকে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে কুলছান বেগমৰ লেখ আবেদনখন খাৰিজ কৰি বিদেশী ন্যায়াধিকৰণৰ ৰায়টোকে বাহাল ৰাখে। লেখ আবেদনখনৰ বিচাৰ প্ৰক্ৰিয়াত আবেদনকাৰীয়ে ১৯৫৫ৰ নাগৰিকত্ব আইন অনুসৰি ভাৰতত ধাৰাবাহিকভাৱে বাস কৰা বুলি প্ৰমাণ কৰাত ব্যর্থ হয়।
তেওঁ অসমত ১৯৭৭ৰ ২৫ এপ্ৰিলত জন্মগ্রহণ কৰা বুলি দাবী কৰে। এই দাবীৰ সমর্থনত তেওঁ ১৯৬৬ৰ পৰা ১৯৭৭লৈ ভোটাৰ তালিকাও আদালতত দাখিল কৰে। সেই তালিকাত তেওঁৰ ককাদেউতাক আৰু পিতৃৰ নাম উল্লেখ থকা বুলিও জনায়। সেই সূত্ৰে পিতৃৰ পান কার্ড আৰু আধাৰ কাৰ্ডৰ নথিও দাখিল কৰে। তদুপৰি ৰেচন কাৰ্ডৰ তথ্যও দাখিল কৰা হয়। শেহতীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্যও তেওঁ দিয়ে।
তদুপৰি জনায় যে তেওঁৰ পিতৃ নির্বাচনতো অৱতীৰ্ণ হৈছিল। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদো আছিল তেওঁৰ পিতৃ। কিন্তু পিতৃৰ লগত জীয়ৰীৰ সম্পৰ্ক প্রতিষ্ঠা কৰাত সফল নোহোৱাত তেওঁৰ আবেদন ন্যায়াধিকৰণে নাকচ কৰে। আবেদনকাৰীৰ এই দাবীক প্রতিষ্ঠা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে একাধিকবাৰ সুযোগ দিয়ে; কিন্তু মহিলাগৰাকী এইক্ষেত্ৰত ব্যর্থ হয়।
ADVERTISEMENT



































