HSLC Fake Certificate:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসমত এতিয়া সহজলভ্য হৈ পৰিছে হাইস্কুল শিক্ষান্ত (মেট্রিক)ৰ পৰীক্ষাত উত্তীর্ণৰ প্রমাণপত্রসহ সকলো ধৰণৰ জাল নথিপত্র। এই নথিৰেই বছৰি বিভিন্ন মহাবিদ্যালয়ৰ একাদশ শ্রেণীত নামভৰ্তি কৰি আহিছে বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে। ৰাজ্যত পৰীক্ষাৰ বতৰ আৰম্ভ হোৱাৰ আগমুহূর্তত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য।
তীব্র প্রতিযোগিতামূলক হৈ পৰা শিক্ষা ব্যৱস্থাটোত মেট্রিকত প্রথম শ্রেণীত উত্তীর্ণ হোৱা বহু ছাত্র-ছাত্রীয়েও নিজৰ বাঞ্ছিত মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আইছে। এনে শৈক্ষিক পৰিবেশৰ মাজতে মেট্ৰিকৰ দৰে পৰীক্ষাতো উত্তীর্ণ জল প্রমাণপত্ৰৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভর্তি কৰিবলৈ সক্ষম হৈছে এক বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ মহাবিদ্যালয়ত এনে নামভর্তি হোৱা বুলিও নিশ্চিত কৰাহৈছে।৷
শেহতীয়াকৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আযুক্ত আৰু সচিবৰ লগতে আৰক্ষী সঞ্চালক প্রধানক এখন পত্ৰ প্ৰদান কৰে। এই পত্ৰত উল্লেখ কৰা হৈছে যে তেনে জাল নথিৰে এই পর্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি ২০২৬-২৭ শিক্ষা বৰ্ষত ২,৮৫১ গৰাকী ছাত্ৰ-ছাত্রীয়ে একাদশ শ্রেণীত নামভৰ্তি কৰিবলৈ সক্ষম হয়। তেনেদৰে ২০২৫-২৬ত এই সংখ্যা আছিল ২,০৮৩ গৰাকী।
পত্ৰখনত উল্লেখ কৰা হৈছে যে এইসকলে নামভৰ্তিৰ সময়ত যিবোৰ শিক্ষানুষ্ঠানৰ পৰা উত্তীর্ণ হোৱা বুলি নথিপত্র দাখিল কৰিছিল সেইবোৰ ‘কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চার্টিফিকেট এগজামিনেচন ‘(চিআইএছচিই)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত। কিন্তু বিভিন্ন উৎসৰ জৰিয়তে এই তথ্য প্রমাণিত হয় যে সংশ্লিষ্ট শিক্ষানুষ্ঠানবোৰ চিআইএছচিআইৰ স্বীকৃতিপ্রাপ্ত নহয়। উল্লেখ্য যে চিআইএছচিই এখন অতি পুৰণি তথা মৰ্যাদা সম্পন্ন ভাৰতৰ বেচৰকাৰী তথা ব্যক্তিগত স্তৰত পৰিচালিত বিদ্যালয় শিক্ষা পৰিষদ। এই পৰিষদৰ অধীনত ভাৰতত তিনি হেজাৰৰো অধিক শিক্ষানুষ্ঠান পৰিচালিত হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসম আৰু অৰুণাচলত এই পৰিষদৰ স্বীকৃতিপ্রাপ্ত ২৮ খন শিক্ষানুষ্ঠান আছে। কিন্তু জালিয়াতিৰে যি বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে একাদশ শ্রেণীত নামভৰ্তি কৰিবলৈ সক্ষম হয় তেওঁলোকে দাখিল কৰা নথিত উল্লেখ থকা কোনো এখন শিক্ষানুষ্ঠানেই চিআইএছচিআইৰ স্বীকৃতিপ্রাপ্ত নহয়। চলিত বর্ষত নামভৰ্তি কৰা সকলে ৯৪ খন শিক্ষানুষ্ঠানৰ নামত জাল নথি দাখিল কৰে আৰু ইয়াৰে কোনো এখনেই চিআইএছচিইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত নহয়।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পত্ৰখনত এইবুলিও উল্লেখ কৰা হৈছে যে জালিয়াতি প্রমাণিত হোৱা ২০২৬-২৭ত নামভৰ্তি কৰা ছাত্র-ছাত্ৰীসকলৰ পঞ্জীয়ন তৎকালে কাৰ্যকৰী হোৱাকৈ বন্ধ ৰখা হৈছে। তদুপৰি জিলাবোৰৰ বিদ্যালয় পৰিদৰ্শকসকলকো এই সন্দর্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া হৈছে।






























