Cid aids:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নজিৰবিহীন কাণ্ডৰে মেট্রিক উত্তীৰ্ণৰ জাল নথিৰে ৰাজ্যৰ বৃহৎ সংখ্যক চৰকাৰী আৰু বেচৰকাৰী মহাবিদ্যালয়,উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিত একাদশ শ্রেণীত বহু হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভর্তি কৰা ঘটনাৰ প্ৰতিক্রিয়া অব্যাহত আছে। এই কাণ্ডত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) এ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন হ’ল মৰিগাঁও জিলাৰ জাগীৰোডৰ ভাৰৰ্ত গৌৰ, বৰপেটা জিলাৰ দীপক কুমাৰ সৰকাৰ আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উৎপল দাস।
চিআইডিৰ তথ্য অনুসৰি ধৃত লোককেইজন জাল প্রমাণপত্ৰ বিক্ৰীৰ লগত জড়িত আছিল। বৃহৎ ধনৰ বিনিময়ত একাংশ ছাত্র ছাত্রীক কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চার্টিফিকেট (এগজামিনেছন চিআইএছচিই)ৰ পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ বিক্ৰী কৰিছিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সমগ্ৰ কাণ্ডক লৈ চিআইডিক অভিযোগ দাখিল কৰিছিল। সেই অনুসৰি চিআইডিয়ে ১০/২০২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তথ্য অনুসৰি চলিত আৰু যোৱা শিক্ষাবর্ষ দুটাত এনে ভয়ংকৰ জালিয়াতিৰে কমেও ৪,৯৩৪ গৰাকী ছাত্র-ছাত্রীয়ে একাদশ শ্রেণীত নামভৰ্তি কৰে। ইয়াৰ ভিতৰৰ্ত ২০২৫-২৬ত ২,০৮৩ গৰাকীয়ে আৰু ২০২৬-২৭৩ ২,৮৫১ গৰাকীয়ে নামভৰ্তি কৰাৰ তথ্য এই পর্যন্ত অগ্রগতি লাভ কৰা তদন্তত ফাদিল হৈছে। এইসকলে চিআইএছচিইৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দাখিল কৰি নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল।
সংশ্লিষ্ট ছাত্র-ছাত্রীসকলে যিবোৰ শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হৈছিল বুলি তথ্য দাখিল কৰে সেই সমুদায় তথ্য অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে চিআইএছচিইৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। চিআইএছচিইয়ে ইয়াৰ পাছতে নিশ্চিত কৰে যে সংশ্লিষ্ট ছাত্র-ছাত্রীসকলে তথ্য দাখিল কৰা কোনো এখন শিক্ষানুষ্ঠানেই তেওঁলোকৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত নহয়। আনকি চিআইএছচিইৰ লগত কোনোপ্রকাৰে সম্পর্কিতও নহয়
# চিআইডিৰ জালত অভয়াপুৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ অধ্যক্ষ উৎপল দাস
বঙাইগাঁও জিলাৰ ২৮খন শিক্ষানুষ্ঠানত ১৩৮ গৰাকীকৈ শিক্ষার্থীয়ে মেট্রিক উত্তীৰ্ণৰ ভুৱা প্রমাণ পত্ৰৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আজি চিআইডিয়ে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰে। ধৃত মুৰব্বীজন হ’ল অভয়াপুৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ অধ্যক্ষ উৎপল দাস।
তথ্য মতে, বঙাইগাঁও জিলাত জালিয়াতিৰে নামভর্তি কৰা ১৩৮ শিক্ষার্থীৰ নাম পোহৰলৈ আহিছে। সেইমতে, একেএম একাডেমীত দুজন, এইমচ একাডেমীত তিনিজন, আৰোহাণ একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত তিনিজন, বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এজন, বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন, বঙাইগাঁও মহাবিদ্যালয়ত ৩৮ জন, চিলাৰায় একাডেমীত তিনিজন, দেৱদাৰু একাডেমীত এজন, গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় এজন, হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচজন, কৃষ্ণানন্দ একাডেমীত তিনিজন, মাকা একাডেমীত এজন, মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিজন, মানাহ জাতীয় বিদ্যালয়ত ১৪ জন, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত নজন, মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুজন, নর্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুজন, পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়, টুলুঙীয়াত সাতজন, পিএমশী বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিজন, প্রগতি একাডেমী, বালাপাৰাত এজন, শংকৰ আজান একাডেমীত তিনিজন, শংকৰ মাধৱ একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত ১১ জন, শ্রীমন্ত শংকৰদেৱ একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল) ত পাঁচজন, সুনীতি বর্মন সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁৱত ১০জন, টেংঙাই গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন, বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজনকে ধৰি মুঠ ১৩৮ জন শিক্ষার্থীয়ে জিলাখনৰ এটা দুষ্টক্ৰৰ পৰা ধনৰ বিনিময়ত মেট্রিক উত্তীর্ণ প্রমাণপত্র সংগ্ৰহ কৰে।
সুত্ৰটোৱে দাবী কৰা মতে, বঙাইগাঁও জিলাৰ কোন, কোন কেন্দ্ৰৰ পৰা প্ৰমাণ পত্ৰসমূহ যোগান ধৰা হৈছে তাৰ এক তালিকাও শিক্ষা সংসদে প্রস্তুত কৰি উলিয়াইছে। কাউন্সিল ফৰ দ্যা ইণ্ডিয়ান স্কুল এগজামিনেছন চার্টিফিকেট, নিউ দিল্লীৰ অধীনত থকা বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ-ৰ য়েল গ্লোবেল এডুকেছন ট্রাষ্ট, ইনফেন্ট ইণ্ডিয়া ইণ্টাৰনেচনেল স্কুল, শ্ৰীমন্ত শংকৰদেৱ একাডেমী, অভয়াপুৰী, আৰোহাণ একাডেমী, ক্রিয়েটিভ এডুকেছন ইনষ্টিটিউট এডুকেছনাল ট্রেইনিং ইনষ্টিটিউট, পিয়োনাৰিং এক্সচেলেঞ্জ ইন এডুকেছন, গোল্ডেন পাব্লিক একাডেমী, নিউ দিল্লী, ডুৰাবন্দী মডার্ণ স্কুল, মৰিগাঁও, ৰমেশ ফুকন সোঁৱৰণী উচ্চমাধ্যমিক বিদ্যালয়, নগাঁও আৰু নৰ্থ ইষ্ট অপেন স্কুলীং এডুকেছনাল কাউন্সিল।
দীর্ঘদিনৰ পৰা সক্ৰিয় হৈ থকা চক্ৰটো দিল্লীৰ অখ্যাত ব’ৰ্ডৰ নামত পৰীক্ষা কেন্দ্ৰ খুলি ধনৰ বিনিময়ত মেট্রিক অনুত্তীর্ণ শিক্ষার্থীক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা অধিক সংখ্যক শিক্ষার্থীয়ে ভুৱা প্রমাণপত্র সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে বঙাইগাঁও জিলাৰ সংশ্লিষ্ট বিদ্যালয়সমূহে দিল্লী ব’ৰ্ডৰ লগতে স্থানীয় পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
ADVERTISEMENT






























