Matric Fake certificate:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ত উত্তীৰ্ণৰ জাল নথিৰে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত নামভৰ্তি কৰাৰ নজিৰবিহীন ঘটনাও সংঘটিত হ’ল অসমৰ শিক্ষাখণ্ডত। এনে ঘটনাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো কি পর্যায়লৈ অধঃপতিত হৈছে তাকেই স্পষ্ট কৰিছে। আজিৰ সংখ্যাৰ ‘দৈনিক অগ্রদূত’ত এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাত ৰাজ্যজুৰি আলোড়ন উঠিছে।
আনহাতে, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ জৰিয়তে এতিয়ালৈকে পোহৰলৈ অহা তথ্য অনুসৰি ২০২৫-২৬ আৰু ২০২৬-২৭ত ‘কাউন্সিল ফৰ দ্য ইন্ডিয়ান স্কুল চার্টিফিকেটএগজামিনেচন’ (চিআইএছচিই)ৰপাঠ্যক্ৰমৰ মেট্ৰিকত উত্তীর্ণ নোহোৱাকৈ আনকি পৰীক্ষাত অবতীর্ণ নোহোৱাকৈও উত্তীৰ্ণৰ জাল প্ৰমাণপত্ৰৰে কমেও ৫,৯৩৪ গৰাকী ছাত্র-ছাত্রীয়ে একাংশ চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ৰ একাদশ শ্রেণীত নামভর্তি কৰিবলৈ সক্ষম হয়। ইয়াৰে ২,৮৫১ গৰাকীয়ে ২০২৬-২৭ আৰু ২,০৮৩ গৰাকীয়ে ২০২৫-২৬ ত নামভর্তি কৰে।
কিদৰে জালিয়াতিৰে কৰিলে নামভর্তি? চৰকাৰী আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ একাদশ শ্রেণীত নামভর্তি প্রক্রিয়াত বিগত কিছুবছৰৰ পৰা অসমত এটা পর্যায়ত অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এই ব্যৱস্থাত বিদ্যালয় শিক্ষা বিভাগে দর্পণ নামৰ এটা প’ৰ্টেল প্রচলন কৰিছে।
মেট্ৰিকত উত্তীর্ণ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিক পর্যায়ত নামভৰ্তিৰ বাবে এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগে। আবেদনৰ লগত উত্তীৰ্ণৰ সকলো নথি আপলোড কৰিব লাগে। তদুপৰি আবেদনকাৰীয়ে কোন কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তাৰো এখন তালিকা দাখিল কৰিব লাগে। ইয়াৰ পাছত অনলাইনতে আবেদনকাৰী ছাত্র অথবা ছাত্ৰীগৰাকীয়ে নিজে বাছনি কৰা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোগ্য হয় নে নহয় সেই তথ্য অনলাইনতে পৰীক্ষা কৰা হয়। তাৰ পাছত সংশ্লিষ্ট ছাত্র-ছাত্রীয়ে নিজে পছন্দ কৰা কোনখন মহাবিদ্যালয়ত মেট্ৰিকৰ নম্বৰৰ ভিত্তিত নামভৰ্তিৰ যোগ্যতা আহৰণ কৰে সেয়া নির্ধাৰণ কৰি দিয়া হয়। সেই মতে ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মহাবিদ্যালয়ত নামভর্তি কৰি আহিছে।
এই প’র্টেল ব্যৱস্থাটোতে সুৰুঙা উলিয়াই উল্লিখিত হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে চিআইএছচিইৰ জাল নথিৰে চৰকাৰী আৰু প্রাদেশিকীকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। তদুপৰি আন একাংশই বেচৰকাৰী শিক্ষানুষ্ঠানতো নামভর্তি কৰাতো নিশ্চিত কৰা হৈছে। সূত্ৰত প্রকাশ যে ভয়ংকৰ এই কাণ্ডত লিপ্ত সকলে মেট্ৰিকৰ দৰে পৰীক্ষাৰ জাল নথি ব্যৱহাৰ কৰি সেইবোৰ দর্পণ প’ৰ্টেলত আপলোড কৰে। তাৰ পাছতে নিজৰ পছন্দৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হয়। চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়তে জালিয়াতিত লিপ্ত বেছিভাগে নামভর্তি কৰে। একাংশই আবেদন কৰিলেও – নামভর্তি ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত কৰে। প’ৰ্টেলতেই সমগ্ৰ কাণ্ড সংঘটিত কৰি নামভৰ্তি কৰিবলৈ সক্ষম হোৱা বুলি ‘দৈনিক অগ্রদূত’ক কয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে।
# কিমান টকাত লেনদেন
অসমৰ এতিয়া মেট্রিকত উত্তীৰ্ণৰ জাল নথিযে সুলভ হৈ পৰিছে সংঘটিত ঘটনাটোৱেই তাৰ স্পষ্ট প্রমাণ। প্রাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি একোখন জাল নথি ন্যূনতম ২০ হেজাৰ টকাত বিক্রী হয়। নম্বৰ তালিকাত যিমানে অধিক নম্বৰৰ প্ৰয়োজন হয় সিমানে মূল্যও ঊর্ধ্বমুখী হয়। নম্বৰ তালিকাৰ বাদেও উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু অন্যান্য প্রয়োজনীয় নথি ভিন ভিন দৰত বিক্ৰী হয় বুলি সূত্ৰটোৱে সদৰী কৰে।
# কোন জড়িত ভয়ংকৰ জালিয়াতিত
এই বৃহৎ জালিয়াতিত এটা শক্তিশালী চক্র জড়িত থকাৰ সম্ভেদ ওলাইছে। চক্ৰটোৰ আঁতিগুৰি বিচাৰিবলৈ ব্যাপক অনুসন্ধান অব্যাহত আছে। চক্ৰটোত একাংশ শিক্ষানুষ্ঠানৰ প্রধান শিক্ষক-অধ্যক্ষ তথা শিক্ষক জড়িত থকাৰো সন্দেহ কৰা হৈছে। ইয়াৰ বাবে তদন্ত আৰম্ভ হৈছে।
# চিআইএছচিইক লৈ জালিয়াতি কিয়
চিআইএছচিই হ’ল এটা ভাৰতৰ এটা বেচৰকাৰী খণ্ডত পৰিচালিত বিদ্যালয় শিক্ষা পৰিষদ। এই পৰিষদৰ অধীনত ভাৰতত তিনি হেজাৰৰো অধিক শিক্ষানুষ্ঠান পৰিচালিত হৈ আহিছে। অধ্যক্ষ জৈনে কয় যে অসমত এই পৰিষদৰ অধীনত পৰিচালিত হোৱা আঠখন শিক্ষানুষ্ঠান আছে। উল্লেখ্য যে এই আটাইকেইখন শিক্ষানুষ্ঠানত শিক্ষা গ্রহণ অতি ব্যয়বহুল। এই সম্পর্কত জৈনে আৰু কয়, ‘আমি ৯৪খন শিক্ষানুষ্ঠানৰ নথি পাইছো যিবোৰৰ কোনো এখনেই চিআইএছচিইৰ স্বীকৃতিপ্রাপ্ত নহয়।’ এই প্রসংগতে অধ্যক্ষ জনে উল্লেখ কৰে যে অভাৱনীয় এই জালিয়াতিৰে নামভৰ্তি কৰা সকলোৱেই অসমৰ। তেওলোকে যিহেতু জাল নথিৰে নামভর্তি কৰে, গতিকে মেট্রিকত হয়তো অবতীর্ণই হোৱা নাছিল। এই সকলো তথ্য তদন্তত পোহৰলৈ আহিব বুলিও জৈনে কয়।
# জিলা জিলাই এজাহাৰ
জালিয়াতিৰে নামভর্তি কৰা সকলৰ বিৰুদ্ধে জিলাই জিলাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আজিলৈকে ৩০খন এজাহাৰ দাখিল কৰা হয়। সকলো জিলাত এই জালিয়াতি সংঘটিত হোৱা বুলি জৈনে জনায়।
ADVERTISEMENT


































