ধেমাজি জিলাত আজি পুনৰ ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ চিনাক্ত হয় | বহিঃৰাজ্যৰ পৰা আহি কেৱাৰেণ্টাইনত থকা অৱস্থাতে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে | আক্রান্ত ১১ জন হৈছে জিলাখনৰ চিমেনমুখৰ দেবেন্দ্র নগৰৰ চিদুল নমুসুদ্র (২৯), ধেমাজি জয়ৰামপুৰৰ কুমাৰ চেত্রি (২৫), জোনাই টেলামৰ জেকব কুলি (২৭), চিলাপথাৰৰ প্রমোদ মাহাতু (৩২), ধেমাজি বৰাজানৰ যদুমনি বৰা (১৯), ১নং ভৈৰব পুৰৰ সমৰ দেবনাথ (১৫), গোগামুখ লটাচুৰৰ ৰাজ মিলি (২০), গেগামুখ ধলপুৰিয়াৰ অনন্ত দাস (২৩), চিমেনচাপৰিৰ চন্দ্রন ব্রক্ষ্ম (৩৪ ), গোগামুখ লটাচুৰ গাৱৰ চনজিব মিলি (২৯), বৰদলনিৰ চনতুচ বসুমতাৰী (২৭) | তেওঁলোকক ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছে | ইয়াৰ ফলত জিলাখনত আক্রান্ত লোকৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পালে |