ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ
প্ৰায় ৬ ঘণ্টাৰ মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ জ্যেষ্ঠ এচিএছ বিষয়া গৰাকীক
:এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত যোৱা নিশাৰে পৰা চিএম ভিজিলেঞ্চে ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক তেওঁৰ চৰকাৰী বাসগৃহত তালাচি চলাইছিল ৷ ইয়াৰ সমান্তৰালভাৱে ভালে জ্যেষ্ঠ এচিএছ বিষয়া জনক প্ৰায় ৬ ঘণ্টাৰ মাৰাথন জেৰাৰ অন্তত চিএম ভিজিলেঞ্চ গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে স্বাস্থ্য বিভাগত কৰ্মৰত অৱস্থাতেই সংঘটিত কৰিছিল বহু অনিয়ম৷ প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অপৰাধজনিত গোচৰ আছিল দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে। চিএম ভিজিলেঞ্চৰ বিষয়াই প্ৰকাশ কৰা মতে ক্ষমতাৰ অপব্যৱহাৰ কৰি উন্নয়ন আয়ুক্তগৰাকীয়ে কৰা অপৰাধৰ সম্পর্কত চিএম ভিজিলেঞ্চত নিজাববীয়া গোচৰ ৰুজু হৈছিল। ইতিমধ্যে কালি নিশাৰে পৰা চলোৱা তালাচীত বহু নথিপত্ৰ জব্দ কৰে তদন্তকাৰী সন্থাটোৱে৷
মনকৰিবলগীয়া যে ধেমাজিৰ লগতে গুৱাহাটীৰ দুটা স্থানতো দেওবাৰৰ অভিযান চলাইছিল চিএম ভিজিলেন্সৰ দলে ৷ উল্লেখ্য যে গুৱাহাটী, লক্ষীমপুৰত আছে বৰাৰ অগাধ সম্পত্তি ৷প্রাথমিক তদন্তত ওলাইছিল বৰাৰ আয়বহির্ভূত সম্পত্তিৰ তথ্য৷
































