Flying Squad Raid in Dhemaji:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত আৰক্ষী ফ্লায়িং স্কোৱাডৰ দলে ৰাজপথত তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান ৷ ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ কৰে অসম আৰক্ষীৰ ফ্লায়িং স্কোৱাড দলে ৷ অনন্ত দত্ত নামৰ ব্যৱসায়ীজনৰ টাটা পাঞ্চ নামৰ ব্যক্তিগত বাহনখনৰ পৰা জব্দ কৰা হয় ২.৫০ লাখ টকা ৷
ADVERTISEMENT
চিলাপথাৰৰ পৰা ধেমাজি দিশে আহি থকা অৱস্থাতে মৰিধল চেকিং পইন্টত আৰক্ষী আৰু চার্ভিলেঞ্চৰ দলে টাটা পাঞ্চ খনত তালাচী চলাই জব্দ কৰে উল্লিখিত পৰিমাণৰ ধন খিনি ৷






























