ধেমাজিত কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণ হৈছে। আজি পুনৰ ৩৪ জন লোকৰ শৰীৰত কৰ’না পজিটিভ পোৱা গৈছে। তেওঁলোকক ইতিমধ্যেই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ৬৯২ জনলৈ বৃদ্ধি পালে। ইতিমধ্যে জিলা প্ৰশাসনে ৰাইজক বিনা কাৰণত ওলাই নুফুৰিবলৈ আহবান জনোৱাৰ লগতে সকলোকে মাস্ক পৰিধান কৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহবান জনায়।
ADVERTISEMENT