অধিক তীব্ৰতৰ হৈছে কৃষকসকলৰ আন্দোলন । শনিবাৰে ঘোষণা কৰাৰ দৰেই দিল্লীৰ চাৰিওফালৰ পথ অৱৰোধ কৰাৰ পৰা আৰম্ভ কৰি ট’ল বন্ধ কৰা সকলোবোৰেই আৰম্ভ কৰিছে প্ৰতিবাদী কৃষকসকলে । শুক্ৰবাৰেই কৃষকসকলে হুংকাৰ দিছিল তেওঁলোকে ট’ল প্লাজাবোৰ বন্ধ কৰি দিব বুলি, ট’ল সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব। সেয়েহে নিশাৰ ভিতৰতে হাৰিয়ানাৰ আম্বালাৰ ছম্ভু ট’ল প্লাজা বন্ধ কৰি দিয়া হয় । আজি কৃষি আইন বিৰোধী আন্দোলনৰ ১৭তম দিন ।
কৃষকসকলে শুক্ৰবাৰে দেশৰ সৰ্বোচ্চ আদালতত হস্তক্ষেপ বিচাৰি আবেদন কৰিছে । ইয়াৰ পাছতেই বিজেপিৰ জননায়ক জনতা পাৰ্টীয়ে বিৰোধিতা আৰম্ভ কৰি দিয়ে । দুস্মন্ত চৌতালাই কয় যে, যদি বিজেপিয়ে কৃষকসকলৰ দাবী নামানে তেওঁ পদত্যাগ কৰিব । আনহাতে, বিজেপিয়ে দাবী কৰে যে, এই আন্দোলনত কট্টৰপন্থী বাম সংগঠনেও যোগ দিছে । সেই সংগঠনবোৰে আন্দোলনৰ মূল অভিসন্ধি সলনি কৰি দিছে । এই অভিযোগ অস্বীকাৰ কৰিছে কৃষক সংগঠনবোৰে ।
কৃষক আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী-হাৰিয়ানা সীমান্তসহ বহু সংখ্যক অঞ্চলত শনিবাৰে পুৱাৰ পৰাই আৰক্ষী পহৰা দিয়া হৈছে । গুৰুগ্ৰাম আৰু ফৰিদাবাদত তিনি শহশ্ৰাধিক আৰক্ষী মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে । ৰাজধানীটো আৰক্ষী নিৰাপত্তা কটকটীয়া কৰা হৈছে প্ৰতিবাদী কৃষকসকলক বাধা প্ৰদান কৰিবৰ বাবে । কৃষকসকলে দিল্লী-জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল । কোনো কাৰণতে যাতে সেই কাৰ্যসূচীৰ বাবে দিল্লী অৱৰোধ নহয় সেয়ে প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে ।