ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক লৈ আপত্তিকৰ প’ষ্টৰ অভিযোগ । উত্তৰ প্ৰদেশৰ প্ৰথম বৰ্ষৰ এজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । বহুকেইটা ধাৰাত গোচৰ ৰোজো কৰা হৈছে ছাত্ৰজনৰ বিৰুদ্ধে । সাম্প্ৰদায়িক উত্তেজনাৰ লগতে জালিয়াতিৰ অভিযোগো উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ।
চৌৰি-চৌৰাৰ পণ্ডিতপুৰাৰ বাসিন্দা অৰুণ যাদৱ । দীনদয়াল উপাধ্যায় গৌৰখপুৰ ইউনিভাৰ্ছিটিত এল এল বি পঢ়ি আছিল । সম্প্ৰতি ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথ সম্পৰ্কে এটা প’ষ্ট কৰিছিল তেওঁ । ফলত যোগীৰ ৰাজ্যত দক্ষিণপন্থী দলৰ ৰোষত পৰে তেওঁ । অৱশ্যে পৰৱৰ্তী সময়ত প’ষ্টটো ডিলিট কৰি দিয়ে ।
দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় অৰুণক । তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ (ধৰ্ম, বৰ্ণ, জন্ম, বাসস্থান আৰু ভাষিক পাৰ্থক্যৰ নিৰিখত বিভিন্ন গোষ্ঠীৰ মাজত শত্ৰুতাৰ উচতনি যগোৱা), ৪৬৯ (অন্যক ক্ষতি সাধনৰ বাবে জালিয়াতি) আৰু তথ্যপ্ৰযুক্তি আইনৰ ৬৬ ধাৰাত (সামাজিক মাধ্যমত আপত্তিকৰ বাৰ্তা)ত গোচৰ ৰোজো কৰা হৈছে ।
সূত্ৰ অনুসৰি, বিশ্ববিদ্যালয়ৰ আইটি বিভাগে অৰুণৰ প’ষ্টটো ছবি তুলি ৰাখে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক জমা দিয়ে । ইয়াৰ পাছত অৰুণক বিশ্ববিদ্যালয়ৰ পৰা নিলম্বিত কৰা হয় । বিষয়টো বিশদভাৱে পৰ্যৱেক্ষণ কৰিবৰ বাবে এটা শৃংখলা কমিটিও গঠন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
সেই কৰ্তৃপক্ষৰ সন্মুখত প্ৰস্তুত হ’বৰ বাবেও নিৰ্দেশ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । নিৰ্দেশ নামানিলে তেওঁৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জনায় কৰ্তৃপক্ষই ।






























