Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

একেডাল সূতাৰে গঁথা

publisher by publisher
September 13, 2021
in Opinion
Reading Time: 1 min read
0
5
SHARES
54
VIEWS
ShareShareShareShare
  • প্ৰাঞ্জলসেন ডেকা

যোৱা সপ্তাহটোত কে’বাটাও পৃথক ঘটনাই ৰাজ্যত ব্যাপক প্ৰচাৰ লাভ কৰিছে । কিন্তু লক্ষ্যণীয়ভাৱে ঘটনাকেইটা পৃথক হ’লেও আটাইকেইটাৰে চৰিত্ৰ যেন একেডাল সূতাৰে গঁথা । প্ৰথমতে, সুদীৰ্ঘ ১৬ বছৰৰ মূৰত মুখ্যমন্ত্ৰী পৰ্যায়ত অসম চুক্তিক লৈ আলোচনা অনুষ্ঠিত হ’ল । চুক্তিৰ কে’বাটাও দফা ৰূপায়ণৰ বিষয়টো আলোচনাৰ বাবে তিনিজন মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতাক লৈ এখন সমিতি গঠন কৰা হ’ল । দ্বিতীয়তে, আলফা স্বাধীনৰ মুৰব্বী পৰেশ অসমৰ স’তে চৰকাৰৰ যোগাযোগ স্থাপন হোৱা বুলি প্ৰকাশ পাইছে আৰু তেওঁ এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিছে । তৃতীয়তে, নিমাতী ঘাটত সংঘটিত ফেৰী আৰু নাৱৰ মাজৰ মুখামুখি সংঘৰ্ষ‌ই সকলোকে কঁপাই তোলে । সৌভাগ্যক্ৰমে মৃতকৰ সংখ্যা কম হ’লেও দুৰ্ঘটনাটোৰ ভয়াৱহতা আছিল ব্যাপক । এনেবোৰ বিষয় দশকৰ পাছত দশক ধৰি চৰ্চিত হৈ আহিছে যদিও এটাৰো কোনো সমাধান সূত্ৰ দৃষ্টিগোচৰ হোৱা নাই; বৰঞ্চ এইবোৰক জীয়াই ৰখা হৈছে বিভিন্ন মহলৰ ন্যস্তস্বাৰ্থ পূৰণৰ উদ্দেশ্যে ।

ADVERTISEMENT

১৯৮৫ত সুদীৰ্ঘ ছবছৰীয়া আন্দোলন আৰু ৮৫৬ গৰাকী ছহিদৰ জীৱনৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিয়ে অসমক এক শূন্যৰ বাহিৰে কি দিলে তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । এই চুক্তিক লৈ সংশ্লিষ্ট পক্ষসমূহৰ চতুৰালি দেখি-বুজি সাধাৰণ জনতাই তাজ্জৱ মনাৰ বাহিৰে আন উপায় নাই । ইতিমধ্যে পেলনীয়া কাগজত পৰিণত হোৱা ৩৬ বছৰ পুৰণি অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কত আলোচনা অনুষ্ঠিত কৰাটো দৰাচলতে এক চূড়ান্ত ভেঁকোভাওনাৰ বাহিৰে আন একো নহয় । অসম আন্দোলন আৰু চুক্তিৰ পাছত যে অসমত অবৈধ বিদেশীৰ অনুপ্ৰৱেশ বৃদ্ধিহে পালে, সেয়া ইতিমধ্যে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ তথ্যতে স্পষ্টভাৱে প্ৰকাশ পাইছে; অৰ্থাৎ এই আন্দোলন আৰু ৮৫৬টা জীৱনৰ বিনিময়ত হোৱা চুক্তিয়ে ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য অবৈধ বিদেশীৰ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিন্দুমাত্ৰ‌ও অৰিহণা যোগাবতো নোৱাৰিলেই, বৰঞ্চ ইয়াক অধিক সূচল কৰিহে তুলিলে । তদুপৰি অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দিশতো আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ’ল । নিৰ্বাচনৰ প্ৰাকক্ষণত অসমীয়াৰ সংৰক্ষণৰ কথা চৰ্চালৈ আহে  যদিও ই যে এক পাহাৰসদৃশ সমস্যাৰ সৃষ্টি কৰিব তাত সন্দেহ নাই । সেইবাবেই এই ক্ষেত্ৰত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নহয় । তদুপৰি আজিৰ যুগত সংৰক্ষণে যে সমাজক পিছুৱাইহে নিব তাৰ উল্লেখ নিষ্প্ৰয়োজন । ইপিনে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু সংশোধিত নাগৰিকত্ব আইনে অসম চুক্তিৰ আত্মাকে ধ্বংস কৰি পেলালে বুলিও বিভিন্ন মহল সৰৱ হৈছে । এনে পৰিৱৰ্তিত পৰিপ্ৰেক্ষিতত অসম চুক্তিখন যে পেলনীয়া কাগজত পৰিণত হৈছে, সেই কথা সংশ্লিষ্ট সকলো পক্ষ‌ই ভালকৈয়ে জানে । কিন্তু এই চুক্তিৰ জৰিয়তে অসম তথা অসমীয়াৰ কোনো ধৰণৰ স্বাৰ্থপূৰণ কৰিব নোৱাৰিলেও এনে এচাম ধুৰন্ধৰ তথাকথিত নেতাই ক্ষমতা ভোগৰ সুবিধা পায় আহিছে, যিসকলে সকলো পাহৰি কেৱল নিজৰ আৰু পৰিয়ালৰ বাবে ধন-সম্পত্তিৰ পাহাৰ গঢ়াতে ব্যস্ত । আনকি ক্ষমতাৰ বাবেই সেইসকলে অসম চুক্তিৰ পৰিণতিত গঢ়ি তোলা দলকে ছিন্ন-ভিন্ন কৰিবলৈও পিছ নুহুঁহকিল । সেই কাৰণে অসম চুক্তিৰ নামত ক্ষমতা ভোগ কৰাসকলে এতিয়া আৰু সেইবোৰ কথা ঘুণাক্ষৰেও নুলিয়ায় । দৰাচলতে সদৌ অসম ছাত্ৰ সন্থাৰ মুষ্টিমেয় কেইজনমান জ্যেষ্ঠ নেতাৰ অস্তিত্ব জীয়াই ৰাখিবলৈকে অসম চুক্তিখন ওলোমাই ৰাখি থোৱাৰ দৰে হৈছে । তেনে কেইজনমান নেতাই ৩৬ বছৰে ৰূপায়ণ নোহোৱা চুক্তি এখনক লৈ আজিও চৰকাৰৰ স’তে আলোচনাত মিলিত হৈ সমিতি গঠন কৰাটো ৰাইজৰ চকুত ধূলি দি নিজৰ অস্তিত্ব বজাই ৰখাৰ চেষ্টা নহয় যদি কি ?

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

চৰকাৰেও এফালে অসম চুক্তিৰ ক্ষেত্ৰত নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি আনফালে এই চুক্তি ৰূপায়ণৰ বাবে আলোচনাত মিলিত হৈ সক্ৰিয়তা প্ৰদৰ্শন কৰাটো প্ৰচাৰ লাভৰ কৌশলৰ বাহিৰে আন একো নহয় । বৰ্তমান চৰকাৰৰ কে’বাগৰাকীও মন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত আছিল যদিও আজি পৰ্যন্ত সেই দিশত অগ্ৰসৰ হ’ব নোৱাৰিলে । পূৰ্বেও এই কলমতে উল্লেখ কৰিছিলো যে প্ৰকৃততে সংশ্লিষ্ট কোনো এটা পক্ষ‌ই অসম চুক্তি ৰূপায়ণ কৰিব নিবিচাৰে আৰু ইয়াক নাকচ কৰি দলিয়াই পেলা‌ই অপ্ৰিয়ভাজন হ’ব‌ও নিবিচাৰে । এই চুক্তিক সংশ্লিষ্ট পক্ষসমূহে নিজৰ নিজৰ উদ্দেশ্যে ব্যৱহাৰ কৰি আহিছে আৰু নিজৰ প্ৰয়োজনীয়তা থকালৈকে ইয়াক ব্যৱহাৰ কৰি যাব ।

একেদৰে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ স’তে আলোচনাৰ প্ৰসংগটোও এক অন্তহীন বাগাড়ম্বৰৰ বাহিৰে আন একো নহয় । বিগত চাৰি দশকত শান্তি আলোচনাৰ নামত চৰকাৰ আৰু পৰেশ বৰুৱাই যে খেল খেলি আহিছে, সেয়া ৰাজ্যৰ সচেতন মহলৰ জ্ঞাত । সশস্ত্ৰ‌ই হ‌ওক অথবা নিৰস্ত্ৰ‌ই হ‌ওক, যিকোনো আন্দোলনৰে একোটা উদ্দেশ্য থাকে আৰু সেয়া পূৰণ কৰাটোৱে ইয়াৰ লক্ষ্য । লক্ষ্য-উদ্দেশ্য পূৰণৰ ব্যতিৰেকে কোনো আন্দোলন চলি নাথাকে। আন্দোলনৰ নেতৃত্বই নিজৰ লক্ষ্য-উদ্দেশ্য পূৰণৰ বাবে কাৰ্যসূচী চলাই নিয়ে; কিন্তু পৰেশ বৰুৱাৰ ক্ষেত্ৰত তেনে ভূমিকা বিগত কালছোৱাত দৃষ্টিগোচৰ হোৱা নাই । ১৯৯৮তে প্ৰথমবাৰলৈ পৰেশ বৰুৱাই ‘দৈনিক অগ্ৰদূত’ৰ সম্পাদকলৈ মুকলি চিঠি লিখি চৰকাৰৰ স’তে শান্তি আলোচনাত অংশ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল । তাৰ পাছতো একাধিকবাৰ তেওঁ এনে আগ্ৰহ প্ৰকাশ কৰি আহিছে যদিও সেয়া যে কেৱল বিবৃতিতে আৱদ্ধ, সেয়া পৰৱৰ্তী পৰ্যায়ত স্পষ্ট হৈ পৰিছে । প্ৰসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীয়ে অতি নিষ্ঠাৰে আলফাক আলোচনাৰ মেজলৈ আনিবলৈ দীৰ্ঘ সময় ধৰি অহৰহ প্ৰচেষ্টা চলোৱাৰ বিষয়ে অসমবাসী জ্ঞাত । তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু আগ্ৰহতে পৰেশ বৰুৱাই পিচিজি গঠন কৰিছিল যদিও সেই প্ৰক্ৰিয়া অধিক অগ্ৰসৰ হ’ব নোৱাৰিলে । প্ৰতিবাৰেই প্ৰক্ৰিয়াটো সঠিক দিশত আগবঢ়া যেন দেখিললেই পৰেশ বৰুৱাই কোনো এটা পাক লগাই কৌশলৰে বাধাগ্ৰস্ত কৰি আহিছে । ফলস্বৰূপে শ শ নিৰীহ লোক আৰু আলফাৰ অসংখ্য তেজাল যুৱকে অকালতে প্ৰাণ হেৰুৱাইছে যদিও ইপ্সিত লক্ষ্য-উদ্দেশ্যৰ দিশত আগবাঢ়িবলৈ সক্ষম হোৱা নাই ।এনে পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছত পুনৰ একে প্ৰক্ৰিয়া পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ অভিজ্ঞতাৰ পটভূমিত এইবাৰো কোনো ফলপ্ৰসূ সমাধানৰ দিশে ই অগ্ৰসৰ হ’ব বুলি আশা কৰিব নোৱাৰি । চৰকাৰৰ স’তে বুজাবুজিত উপনীত হ’লেও আজিৰ পৰিস্থিতিত যে আলফা অথবা পৰেশ বৰুৱা কোনোভাৱে লাভৱান হ’ব, তেনে সম্ভাৱনা তেনেই ক্ষীণ । ইতিমধ্যে যিসকলে আলফাৰ পৰা ওলাই আহি চৰকাৰৰ স’তে আলোচনাত মিলিত হৈছে, তেওঁলোকো সম্প্ৰতি পাহৰণিৰ গৰ্ভত লীন গৈছে । এনে পৰিপ্ৰেক্ষিতত দূৰ বিদেশত থাকি সময়ে সময়ে গৰ্জন দি নিজৰ অস্তিত্ব বজাই ৰখাটোৱে পৰেশ বৰুৱাৰ কাৰণে অধিক লাভদায়ক । সেয়েহে চৰকাৰ আৰু অসমবাসীৰ সন্মুখত নিজৰ গুৰুত্ব বৃদ্ধিৰ বাবে পৰেশ বৰুৱাই বিগত চাৰি দশকত এনে কৌশলেই গ্ৰহণ কৰি আহিছে ।

আনহাতে, পৰেশ বৰুৱাৰ স’তে বুজাবুজিত উপনীত হ’লে চৰকাৰেই বা তেওঁক কি দিব পাৰিব ? আলোচনালৈ পৰেশ বৰুৱাই যিমানে বিলম্ব কৰি আহিছে, সিমানে চৰকাৰৰ ঘৰত তেওঁৰ মূল্য হ্ৰাস পাই আহিছে । আজি আৰু এনে পৰিস্থিতি নাই যে পৰেশ বৰুৱাক ৰঙা দলিচা পাৰি আমন্ত্ৰণ কৰি আনি চৰকাৰে বিশেষ কিবা উপহাৰ দিব ! গতিকে শান্তি আলোচনাৰ নামত অন্তহীনভাৱে এই নাটক আমি প্ৰত্যক্ষ কৰি আহিছো আৰু হয়তো আগলৈকো কৰি যাব লাগিব ।

শেহতীয়া চৰ্চিত তথা দুৰ্ভাগ্যজনক ঘটনাটো হ’ল নিমাতীঘাটৰ নাও দুৰ্ঘটনা । এই দুৰ্ঘটনাত ধন-জনৰ বিশাল ক্ষতি হোৱাৰ আশংকা আছিল যদিও সৌভাগ্যক্ৰমে অধিকাংশ যাত্ৰীয়ে পাৰ পাবলৈ সক্ষম হয় । তথাপি এগৰাকী প্ৰতিভাৱান যুৱতী প্ৰবক্তা আৰু এজন চিকিৎসককে ধৰি কমেও তিনিজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো বেদনাদায়ক । অসমত বিভিন্ন সময়ত, বিশেষকৈ বাৰিষা কালত ব্ৰহ্মপুত্ৰ তথা অন্যান্য নদীত এনে ধৰণৰ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ধুবুৰীত কেইবছৰমান পূৰ্বে শতাধিক লোকে নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো উল্লেখনীয় । আনকি গুৱাহাটীতে ২০১৮ত কে’বাজনো লোকে এক নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় । এনেবোৰ দুৰ্ঘটনাৰ পাছতে সক্ৰিয়তা প্ৰদৰ্শন কৰা চৰকাৰ তথা একেজন পৰিবহণ মন্ত্ৰীৰ কাৰ্যকালতে ৰাজ্যত এটা ইঞ্জিনযুক্ত নাও চলাচল নিষিদ্ধ কৰি বিধানসভাত আইন প্ৰণয়ন কৰা হয় । লগতে জল পৰিবহণৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হয় । অৱশ্যে এনেবোৰ সুৰক্ষা ব্যৱস্থাৰ নমুনা অসমবাসীয়ে শেহতীয়াকৈ পুনৰ প্ৰত্যক্ষ কৰিলে নিমাতীঘাটত । তিনি বছৰ পূৰ্বে আইনগতভাৱে নিষিদ্ধ হোৱা এটা ইঞ্জিনযুক্ত নাৱেই এইবাৰো দুৰ্ঘটনাত পতিত হ’ল । তাকো সেই নাও আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনতে চলাচল কৰি আছে । নিমাতীঘাট-মাজুলী পথতে নহয়, ৰাজ্যৰ সকলো নদীতে জলপৰিবহণৰ নামত এনে নাও বিনাবাধাই চলাচল কৰি আছে । এইবাৰো পূৰ্বৰ দৰেই চৰকাৰ সক্ৰিয় হৈ উঠিছে – মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মন্ত্ৰী আদিয়ে দুৰ্ঘটনাৰ বুজ ল’বলৈ উবুৰি খাই পৰিছে । ন-পুৰণি ঘোষণাবোৰ দোহাৰিছে।সততে সৰৱ সংগঠনসমূহেও আন্দোলন-প্ৰতিবাদ কৰি সক্ৰিয়তা প্ৰদৰ্শন কৰিছে; কিন্তু পুনৰ এনে দুৰ্ঘটনা সংঘটিত নহ’ব বুলি কোনেও নিশ্চয়তা দিব পৰা নাই । কিয়নো সুৰক্ষা ব্যৱস্থাসমূহ ঘোষণাতে আৱদ্ধ আছে, সেইবোৰ কেতিয়াও কাৰ্যকৰী হোৱাই নাই । আনকি যোৰহাট-মাজুলী সংযোগী প্ৰস্তাৱিত দলংখনৰ একাধিকবাৰ আধাৰশিলা স্থাপনৰ পাছতো কিয় নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নাই, তাক লৈও স্পষ্টতা নাই । বৰঞ্চ দলং নিৰ্মাণত কেতবোৰ মহলে বিভিন্ন উপায়েৰে বাধাদান কৰি অহা বুলিহে দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আহিছে । গতিকে গুৰুতৰ দুৰ্ঘটনা সংঘটিত নোহোৱা পৰ্যন্ত এনেবোৰ ঘটনা যে সকলোৰে সমুখতে বিনাবাধাই চলি আহিছে আৰু চলি থাকিব এই অসম মুলুকত সেয়াই প্ৰচলিত ধাৰা ।

এনে পৰিপ্ৰেক্ষিতত এই কথাই ক’ব পাৰি যে অসম তথা অসমবাসীৰ বাবে এই বিষয়বোৰ গুৰুত্বপূৰ্ণ হ‌ওক বা নহ‌ওক, এইবোৰ সমাধানৰ বাবে সংশ্লিষ্ট কোনো এটা পক্ষ‌ই আগ্ৰহী নহয় । বৰঞ্চ এইবোৰ জীয়াই ৰাখি প্ৰত্যেকে নিজৰ নিজৰ স্বাৰ্থপূৰণ কৰাটোৱেই একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্যৰূপে ব্যৱহাৰ কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assam accordparesh baruaPranjalsen DekaULFAঅসম চুক্তিআলফা স্বাধীনপৰেশ বৰুৱা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d