কাশ্মীৰ উপত্যকাত তালাচী অভিযান চলালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এনআইএ) । যৌথ গোচৰত কাশ্মীৰৰ ১৬টা স্থানত তালাচী অভিযান চলালে এনআইএ-য়ে । আইএছ-ৰ ভাৰতীয় মুখপত্র হিচাপে পৰিচিত ‘ভইচ অৱ হিন্দ’-ৰ তথ্য জানিবলৈ এই তালাচি, সাম্প্রতিক সময়ত উপত্যকাত জনসাধাৰণৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত দ্য ৰেজিছটেন্স ফ্রন্ট (টিআৰএফ)-ৰ সদস্যকলৰ ঘৰতো তালাচী চলায় এনআইএ-ৰ চোৰাংচোৱাসকলে । তেনে সময়তে সাম্প্রতিক সাধাৰণ জনতাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ৫৭০ জনক আটক কৰিছে । ইয়াৰ ভিতৰত বহুকেইজনেই যুৱক ।
সন্ত্ৰাসবাদী সংগঠন আইএছ-ৰ ভাৰতীয় পত্ৰিকা ‘ভইচ অৱ হিন্দ’ । ২০২০-ৰ ফেব্রুৱাৰীৰ পৰাই সন্ত্ৰাসবাদী সংগঠনটোৱে মাহেকীয়া অনলাইন পত্রিকাটো প্রকাশ কৰিছে । কাশ্মীৰ উপত্যকাত যুৱকসকল অধিক ধর্মীয় মৌলবাদী কার্যকলাপত জড়িত হৈ পৰাৰ নেপথ্যত এই পত্রিকাৰ বিপুল প্রভাৱ দেখিছে চোৰাংচোৱাসকলে । সেই সূত্রেই শ্রীনগৰ, অনন্তনাগ, বাৰামুলা, কুলগামৰ বিভিন্ন ঠাইত অভিযান চলায় এনআইএ-য়ে ।
দেওবাৰে আৰিপোৰা জোৱানৰ বাসিন্দা নঈম আহমেদ ভাটেৰ গৃহত অভিযান চলায় এনআইএ-য়ে । এক পথ নির্মাণ সংস্থাত গাড়ী চালকৰ চাকৰি কৰে নঈমে । এনআইএ-ৰ দ্বিতীয় গন্তব্য স্থান আছিল, বাগি নন্দ সিং চট্টৱালৰ বাসিন্দা মুস্তাক আহমেদ দাৰেৰ গৃহত । তাৰ পৰা মুঠ ৫টা ম’বাইল বাজেয়াপ্ত কৰিছে চোৰাংচোৱাসকলে ।
ইয়াৰ উপৰি উপত্যকাৰ ছোলিনা পায়িনৰ বাসিন্দা সুহেল আহমেদ ভাটেৰ গৃহতো তালাচী চলায় এনআইএ-য়ে । বাহাউদ্দিন সাহাব নওহাট্টা নামে এক ব্যক্তিক আটক কৰা হৈছে । তেওঁৰ পৰা এটা লেপ্টপ্ আৰু ম’বাইল বাজেয়াপ্ত কৰিছে এনআইএ-য়ে । ক্রীড়া সৰঞ্জাম বিক্রীৰ স’তে জড়িত এজন ব্যক্তিৰ গৃহতো তালাচী অভিযান চলে ।
কেৱল ‘ভইচ অৱ হিন্দ’-এই নহয়, কাশ্মীৰ উপত্যকাত ইদানীং সকলৰ কেন্দ্র হৈছে টিআৰএফ । মূলত লস্কৰ-ই-তইবৰ শাখা সংগঠন হিচাপে কাশ্মীৰত কাম আৰম্ভ কৰিলেও চোৰাংচোৱাসকলৰ খবৰ, বর্তমান হিজবুল মুজাহিদিন আৰু জইশ-ই-মহম্মদৰ দৰেই উপত্যকাত সক্রিয় সন্ত্ৰাসবাদী দলৰ স’তে কান্ধত কান্ধ মিলাই কাম কৰে টিআৰএফ-এ । কাশ্মীৰত সাম্প্রতিক সময়ত প্রায় সমস্ত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত টিআৰএফ-ৰ নাম জড়িত হৈ আছে । টিআৰএফ-ৰ কমাণ্ডাৰ সাজ্জাদ গুলৰ গৃহতো তালাচী চলায় এনআইএ-য়ে ।