ভাৰতৰ ভূমি চৌদিশৰ পৰা বেদখলৰ ভয়াৱহ চক্ৰান্তত লিপ্ত হৈছে চুবুৰীয়া চীন। শেহতীয়াভাৱে চোৰাংচোৱাৰ এই সম্পর্কীয় এক তথ্যই ফাদিল কৰিছে যে লাডাখ, অৰুণাচলৰ পাছত এইবাৰ চীনে।
হিমাচলত লােলুপ দৃষ্টি দিছে । সূত্রত প্রকাশ পৰা যে হিমাচল প্রদেশৰ কিন্নড়, লাহুল আৰু স্পিটি জিলাৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ৰ সংলগ্ন চীনৰ ভূখণ্ডত ৰঙা বাহিনীৰ উপস্থিতি ক্রমশ বৃদ্ধি পাইছে।
প্রতিবেদনত দাবী কৰা হৈছে যে জিলাসমূহত এল এ চিৰ সংলগ্ন ২৪০ কিলােমিটাৰ অঞ্চলত চীনে যুদ্ধকালীন তৎপৰতাত পথ, সেতু আৰু হেলিপেড নির্মাণ কার্য অব্যাহত ৰাখিছে।
সম্প্রতি অৰুণাচলৰ ৰাজ্যপাল ৰাজেন্দ্র বিশ্বনাথ আর্পেৰ্কৰৰ হাতত প্রতিবেদন দাখিল কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে। প্রতিবেদনত উল্লেখ কৰা হৈছে কিন্নড়, লাহুল আৰু স্পিতি জিলাৰ এল এ চি সংলগ্ন অঞ্চলত আন্তঃগাঁথনি নির্মাণত বিপুল শ্রমশক্তি ব্যয় কৰিছে চীনে।
হিমাচল আৰক্ষীৰ সঞ্চালকপ্রধান সঞ্জয় কুণ্ডুৱে কয়, ‘বিগত এবছৰৰ ভিতৰত চীনে এই অঞ্চলত বিপুল সৈন্য সমাবেশ কৰিছে। ভাৰতীয় খণ্ডত অর্থাৎ হিমাচলৰ দিশলৈ চীনৰ দৃষ্টি বাঢ়িছে। ইয়াৰ বাবে প্রয়ােজনীয় আন্তঃগাঁথনি সংস্কাৰৰ কাম সম্পন্ন কৰিছে ৰঙা বাহিনীয়ে। ‘
এক প্রতিবেদনত উল্লেখ যে সীমান্ত পাৰাং নদীৰ উত্তৰত চীনে নতুন পথ নির্মাণ কৰিছে। তদুপৰি চীন সীমান্ত শক্তি, চুৰুপ আৰু ডালমূৰ গাঁৱত দ্রুত আন্তঃগাঁথনি নির্মাণৰ কাম আৰম্ভ কৰিছে চীনে।
আৰক্ষীৰ প্রতিবেদনত দাবী কৰা অনুসৰি, সেই অঞ্চলত আন্তঃগাঁথনি নির্মাণৰ উপৰি উচ্চ ক্ষমতা সম্পন্ন নিৰীক্ষণ যন্ত্র সংস্থাপন কৰিছে চীনে। কিছুদিন পূর্বে স্পিটি জিলাৰ পাহাৰত চীনৰ পতাকা উদ্ধাৰ হৈছে।
ৰাজ্যপালক দাখিল কৰা হিমাচল আৰক্ষীৰ প্রতিবেদনত হিমাচলত চীনে আগ্রাসী ৰূপ লােৱাৰ শংকা প্রকাশ কৰা হৈছে।






























