Bokakhat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:থলুৱা সম্পদৰ উচিত ব্যৱহাৰ, কৃষকৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু গ্রামাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ সপোন দেখুৱাই স্থাপন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক ইথানল প্রকল্পই আশানুৰূপ সুফল দিব নোৱৰাৰ অভিযোগ উত্থাপন হৈছে। সৌসিদিনালৈ এই প্রকল্পক কেন্দ্র কৰি আশাৰ ৰেঙণি দেখা গোলাঘাট জিলাৰ বিভিন্ন প্রান্তৰ বাঁহ খেতিয়কসকলৰ বাবে এতিয়া নিজৰ বাৰীত উৎপাদিত বাঁহেই হৈ পৰিছে একপ্ৰকাৰৰ অৰ্থনৈতিক বোজা।প্রকল্পটোৱে স্থানীয়ভাৱে বাঁহ ক্রয় নকৰাৰ পৰিণতিত কৃষকসকলে মধ্যভোগীৰ জৰিয়তে অতি কম মূল্যত বহিঃৰাজ্যলৈ বাঁহ বিক্ৰী কৰিবলৈ বাধ্য হৈছে। ইয়াৰ এক শেহতীয়া উদাহৰণ হৈছে বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ বৰপথাৰ গাঁও।
গাঁওখনৰ একাংশ কৃষকে জানিবলৈ দিয়া অনুসৰি, যোৱা এসপ্তাহৰ ভিতৰতে গাঁওখনৰ পৰা তিনিখন ট্রাকত থলুৱা জাতি, ভলুকা আৰু মকাল বাঁহ মধ্যভোগীৰ জৰিয়তে মধ্যপ্ৰদেশৰ আমলাইস্থিত কাগজ কললৈ প্ৰেৰণ কৰা হৈছে; কিন্তু কৃষকসকলে এই বাঁহ বিক্ৰী কৰি লাভ কৰিছে ন্যূনতম মূল্যহে। বাঁহৰ উৎপাদন, পৰিচৰ্যা আৰু সংগ্ৰহৰ বিপৰীতে লাভজনক মূল্য নোপোৱাত স্বাভাৱিকতেই ক্ষোভিত হৈ পৰিছে কৃষক পৰিয়ালসমূহ।’ আমাৰ ইয়াৰ ঘৰে ঘৰে বাঁহৰ খেতি আছে; ওচৰতে বিক্ৰী কৰিব পৰা হ’লে ভাল আছিল। কাৰণ বেছি মূল্য পালোহেঁতেন। গাঁৱৰে ল’ৰা এটাই দূৰলৈ নিয়ে,’ এনেদৰে কয় স্থানীয় এজন বয়স্ক কৃষকে।
উল্লেখ্য যে ২০১৮ৰ পৰাই নুমলীগড় শোধনাগাৰৰ ওচৰত বাঁহভিত্তিক ইথানল প্রকল্প স্থাপনৰ কাম-কাজ আৰম্ভ হোৱাক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ খুমটাই, বোকাখাত, কমাৰগাঁও, নুমলীগড়, গেলেকীয়াল, বৰুৱাগাঁও, ঠেঙাল গাঁও আদি অঞ্চলৰ বহু কৃষকে নিজৰ বাৰীত থকা থলুৱা বাঁহৰ পৰা উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সপোন দেখিছিল।
পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ৰ ১৪ ছেপ্টেম্বৰত প্রায় পাঁচশ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা বাঁহভিত্তিক দ্বিতীয় প্ৰজন্মৰ ইথানল প্রকল্প উদ্বোধন কৰাক কেন্দ্ৰ কৰি পুনৰ আশাবাদী হৈ পৰিছিল অঞ্চলটোৰ কৃষক ৰাইজ। কিন্তু প্রকল্পটোৰ উৎপাদন আৰু বাঁহ সংগ্ৰহৰ ক্ষেত্ৰত সৃষ্টি হোৱা অনিশ্চয়তাই কৃষকসকলৰ সেই আশাত চেঁচাপানী ঢলা বুলি অভিযোগ উত্থাপন হৈছে।
মহুৰা বৰপথাৰ গাঁৱৰ কৃষকসকলৰ মতে, গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ বাৰীতে কম-বেছি পৰিমাণে থলুৱা প্ৰজাতিৰ জাতি, ভলুকা আৰু মকাল বাঁহ আছে। বহু বছৰ ধৰি এই বাঁহসমূহ বাৰীত পৰিপক্ক হৈ থকাৰ পাছতো বিক্ৰীৰ উপযুক্ত বজাৰ নথকাৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱা নাই। সময়ত বিক্ৰী কৰিব নোৱাৰি কিছুমান বাঁহ শুকাই নষ্ট হৈছে। আনকি বাঁহৰ পৰা উপাৰ্জনৰ আশা বাদ দি একাংশ কৃষকে নিজৰ বাৰীৰ বাঁহ কাটি সেই ঠাইত চাহ খেতি আৰু অন্যান্য কৃষিকার্য আৰম্ভ কৰিবলৈও বাধ্য হৈছে।
আনহাতে, বাঁহভিত্তিক ইথানল প্ৰকল্পৰ আৰম্ভণিৰ সময়ছোৱাত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই মহুৰা বৰপথাৰ অঞ্চলৰ একাংশ কৃষকক বাঁহৰ পুলি যোগান ধৰিছিল বুলি জানিব পৰা গৈছে। যদিও সেই পুলিসমূহৰ বহুতে আশানুৰূপভাৱে ঠন ধৰি নুঠিল, তথাপি অঞ্চলটোত পূৰ্বৰে পৰা প্ৰচুৰ পৰিমাণে উপলব্ধ থলুৱা বাঁহৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষকসকলে প্রকল্পটোৰ জৰিয়তে উপাৰ্জনৰ পথ বিচাৰিছিল। কিন্তু প্রশ্ন উত্থাপন হৈছে স্থানীয়ভাৱে ইমান বৃহৎ পৰিমাণৰ বাঁহ উপলব্ধ থকাৰ পাছতো সেই বাঁহৰ উপযুক্ত বজাৰ কিয় সৃষ্টি নহ’ল?
কৃষকসকলক প্ৰকল্পটোৰ স’তে প্রত্যক্ষভাৱে সংযুক্ত কৰি বাঁহ ক্ৰয়ৰ ব্যৱস্থা কিয় গঢ়ি তোলা নহ’ল? বাঁহৰ ন্যায্য মূল্য নির্ধাৰণ, নিয়মীয়া সংগ্ৰহ আৰু কৃষকৰ স’তে প্রত্যক্ষ ক্রয়-বিক্রয়ৰ ব্যৱস্থা এতিয়াও কিয় নিশ্চিত হোৱা নাই? এফালে বাঁহভিত্তিক উদ্যোগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তনৰ সপোন, আনফালে নিজৰ বাৰীৰ বাঁহ কম মূল্যত বহিঃৰাজ্যলৈ বিক্ৰী কৰিবলগীয়া হোৱা কৃষকৰ বাস্তৱ ছবিখনে উদ্যোগটোৰ স’তে থলুৱা কৃষকৰ সম্পৰ্কৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক বাঁহ খেতিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ যি সম্ভাৱনা আছিল, সেয়া বাস্তৱায়িত নোহোৱাত চিন্তিত হৈছে কৃষক পৰিয়ালসমূহ। কৃষকসকলৰ দাবী, কেৱল উদ্যোগ স্থাপন কৰিলেই নহ’ব, উদ্যোগৰ সুফল পদূলিলৈ আহিব লাগিব। স্থানীয় কৃষকৰ পৰা উচিত মূল্যত বাঁহ ক্ৰয়ৰ ব্যৱস্থা, বাঁহ সংগ্ৰহৰ বাবে নির্দিষ্ট কেন্দ্র স্থাপন, উৎপাদিত বাঁহৰ বজাৰ নিশ্চিতকৰণ আৰু কৃষকসকলৰ স’তে প্রত্যক্ষ যোগাযোগৰ ব্যৱস্থা গ্রহণ কৰিলেহে এই উদ্যোগে প্রকৃতার্থত গ্রাম্য অর্থনীতিলৈ পৰিৱৰ্তন আনিব পাৰিব।
অন্যথা, বৃহৎ বিনিয়োগৰে নিৰ্মাণ কৰা বাঁহভিত্তিক ইথানল প্ৰকল্পৰ কাষতে থলুৱা বাঁহ খেতিয়কে নিজৰ উৎপাদিত বাঁহৰ উচিত মূল্য বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাটো এক পৰিতাপৰ বিষয় হৈ ৰ’ব। কৃষকৰ বাবে আশাৰ উদ্যোগ হিচাপে পৰিচিত প্রকল্পটোৱে কেতিয়া প্ৰকৃততে কৃষকৰ জীৱিকাৰ সম্বল হৈ উঠিব, সেয়াই এতিয়া মহুৰা বৰপথাৰৰ পৰা খুমটাই-বোকাখাতৰ বাঁহ খেতিয়কসকলৰ প্ৰধান প্রশ্ন।
ADVERTISEMENT






























