Manipur:পুনৰ অশান্ত মণিপুৰ !বৃহস্পতিবাৰে চুৰাচান্দপুৰ জিলাৰ চিংফেই গাঁৱত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় কুকি সম্প্ৰদায়ৰ এগৰাকী মহিলা।
স্থানীয় সূত্ৰৰ অনুসৰি,বিষ্ণুপুৰ জিলাৰ চুবুৰীয়া গাঁও ফুবালাত বন্দুকৰ আক্ৰমণত এজন মেইটেই কৃষক আহত হোৱাৰ পাছতে এই ঘটনা আৰম্ভ হয়। ঘটনাৰ কিছু সময়ৰ ভিতৰতে উত্তেজনা বিয়পি পৰে।
এই অঞ্চলত বসবাস কৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সমস্যাটো দীৰ্ঘদিনৰ। কিন্তু দুয়োপক্ষই একেলগে প্ৰতিবাদ কৰা দেখা গৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি বিষ্ণুপুৰ-চুৰাচান্দপুৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত ফুবালা গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে।
উল্লেখ্য যে,পথাৰত কাম কৰি থকা এজন খেতিয়ককো গুলিচলনা কৰে।আহত কৃষকজনৰ নাম নিংথৌছাম বীৰেন। শীঘ্ৰে তেওঁক উদ্ধাৰ কৰি বিষ্ণুপুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে।
ইফালে এই ঘটনাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে গাঁওখনত উপস্থিত হয়। তালৈ গৈ সন্দেহজনক লোকক বিচাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ স’তে বন্দুকৰ যুঁজৰ সন্মুখীন হয়।
তাতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হয়।ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।






























