Cross Firing In Bokakhat:
বোকাখাতত নিশা ক্ৰছ ফায়াৰিঙৰ ঘটনা ৷ ক্ৰছ ফায়াৰিঙত আহত চিআৰ পিএফ কেম্পত গ্ৰেণেড বিস্ফোৰণৰ লিংকমেন ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা ৷ যোৱা ২৪ জুনত বোকাখাতৰ সাপজুৰিৰ পানবাৰী কৃষিপামৰ চিআৰ পিএফ কেম্পত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণ ঘটনা ৷
গ্ৰেণেড বিস্ফোৰণৰ লিংকমেন আছিল ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা ৷ অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেণেড যোগান ধৰিছিল দুয়োৱে ৷ গ্ৰেণেড বিস্ফোৰণৰ পূৰ্বে দুয়োৱে লগ কৰিছিল অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক ৷ পানবাৰী কৃষিপামৰ সমীপত দুয়োৱে সংগোপনে লুকুৱাই থৈছিল দুটা পিষ্টল ৷
২৬ জুনৰ নিশা আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল তেজপুৰ আৰু লখিমপুৰৰ পৰা ৷ আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল পিষ্টল দুটা লুকুৱাই থোৱাৰ কথা ৷ দেওবাৰে নিশা আৰক্ষীৰ সৈতে দুয়ো গৈছিল পিষ্টল দুটাৰ সন্ধান দিবলৈ ৷ ঘটনাস্থলীত আৰক্ষীক গতিয়াই দুয়োৱে লুকাই থোৱা পিষ্টল লৈ আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷
আৰক্ষীয়ে কৰা প্ৰতি গুলীচালনাত ভৱেশ কলিতাৰ বাও ভৰিত আৰু সঞ্জীৱ বৰুৱাৰ সোভৰিত গুলী লাগে ৷
দুয়োকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত জেএমচিএইচ লৈ প্ৰেৰণ কৰে ৷ ঘটনাস্থলীৰ পৰা দুটা পিষ্টল উদ্ধাৰ ৷ বৰ্তমানলৈকে ঘটনাৰ সৈতে জড়িত ৬ জনক গ্ৰেপ্তাৰ ৷ মন্তব্য দিয়াৰ পৰা বিৰত আৰক্ষী ৷






























