Delhi: কোনোবাই ৮৪ লাখ টকীয়া মার্চিডিজ বিক্রী কৰিছে মাত্র আঢ়ৈ লাখ টকাত। কোনোবাই আকৌ বেঞ্জ বোভাৰ বিক্ৰী কৰি দিছে পানীৰ দৰত।
অবিশ্বাস্য হ’লেও বিগত কিছু দিন ধৰি দেশৰ ৰাজধানী দিল্লীত দেখা গৈছে এনে একাধিক ঘটনা। এনে পৰিস্থিতিৰ মূলতে আছে প্রদূষণ বোধ কৰাৰ বাবে দিল্লী চৰকাৰে প্রয়োগ কৰা নতুন নিয়ম।
সেই নিয়ম অনুসৰি, ১০ বছৰৰ বেছি পুৰণি ডিজেল আৰু ১৫ বছৰৰ বেছি পুৰণি পেট্র’ল চালিত গাড়ীবোৰক আৰু ইন্ধন দিব নোৱাৰিব পেট্র’ল ডিপ’সমূহে। ৰাজধানী আৰু সংলগ্ন অঞ্চলত প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰেই চৰকাৰে এই নিয়ম প্রযোজ্য কৰিছে।
পহিলা জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে। ফলত ১০ বছৰৰ পূৰ্বে ক্ৰয় কৰা বহুমূলীয়া ডিজেল গাড়ীও বহু লোকে অতি সস্তাতে বিক্রী কৰিবলৈ বাধ্য হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দিল্লীৰ ‘কমিচন ফল এয়াৰ কুৱালিটী মেনেজমেন্ট’ (চিএকিউএম)ৰ তৰফৰ পৰা নির্দেশনা জাৰি কৰাৰ পাছৰে পৰাই দিল্লীৰ একাংশ নিবাসীৰ মাজত গাড়ী বিক্ৰীৰ ধুম উঠিছে।
দিল্লীৰ নিরাসী বৰুণ ভিজে ২০১৫ত নিজৰ চখৰ বাবেই অনেক কষ্ট কৰি এখন বিলাসবহুল মার্চিডিজ-বেঞ্জ এমএল৩৫০ গাড়ী ক্রয় কৰিছিল। সেই সময়ত বৰুণে গাড়ীখন ৮৪ লাখ টকাত ক্রয় কৰিছিল; কিন্তু চৰকাৰৰ নতুন নিয়মৰ পাছত চখত কিনা সেই গাড়ীখন এতিয়া তেওঁৰ বাবেই মূল্যহীন হৈ পৰিছে।
কিয়নো সেই গাড়ীত আৰু তেওঁ ইন্ধন ভৰাব নোৱাৰিব। ফলত গাড়ীখন ঘৰত সজাই থোৱাৰ বাবে আন কাম নাথাকিব। সেইবাবেই বৰুণে গাড়ীখন মাত্র দুই লাখ ৫০ হেজাৰ টকাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে।
সংবাদ মাধ্যমৰ আগত বৰুণে কয় যে বিগত ১০ বছৰ ধৰি গাড়ীখন তেওঁৰ লগতে পৰিয়ালৰ বাবে অবিচ্ছেদ্য অংগ হৈ আছিল। তেওঁ কয়, ‘এই গাড়ীখনৰ স’তে অনেক স্মৃতি জড়িত হৈ আছে।
প্রতি সপ্তাহান্তিকত সাতৰ পৰা আঠ ঘণ্টা গাড়ী চলাইছিলো। গাড়ীখন ১০ বছৰ ধৰি আমাৰ জীৱনৰ এক অংশ আছিল।’ বৰুণে লগতে জনাইছে যে মার্চিডিজ গাড়ীখন ভাল অবস্থাত থকা সত্ত্বেও ইন্ধন ভৰাব নোৱাৰিলে সেইখন কার্যতঃ পুতলা গাড়ীত পৰিণত হ’ব।
সেই বাবেই ১.৩৫ লাখ কিলোমিটাৰ চলোৱা সত্ত্বেও গাড়ীখন তেওঁ বিক্ৰী কৰি দিলে। বৰুণে কয়, ‘বাধ্য হৈয়েই মই গাড়ীখন বিক্রী কৰিবলগীয়া হ’ল। কোনোরে ২-৫ লাখ টকাতো গাড়ীখন কিনিবলৈ প্রস্তুত হোৱা নাছিল। কল্পনা কৰকচোন, ৮৪ লাখৰ গাড়ী মাত্র আঢ়ৈ লাখ টকাত বিক্রী হৈছে। এনেকুৱা হ’ব পাৰেনে? কিন্তু কোনো উপায় নাছিল।’
কেৱল বৰুণেই নহয়, বীতেশ নামৰ দিল্লীৰ বাসিন্দা এজনেও জনাইছে যে তেওঁৰ মাত্র ৭৫ হেজাৰ কিলোমিটাৰ চলা বেঞ্জ ৰোভাৰ গাড়ীখন পানীৰ দৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে। এই তালিকাত আৰু অনেক লোক আছে।
দিল্লীৰ চৰকাৰৰ নতুন নিয়ম ৰাজধানীত ক্রমবর্ধমান প্ৰদূষণৰ মোকাবিলা কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা হ’লেও সেই নিয়মে সাধাৰণ নাগৰিকৰ বাবে ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে। বহুতেই দাবী কৰিছে যে তেওঁলোকে আর্থিক ক্ষতিৰ সমান্তৰালকৈ মানসিক যন্ত্রণাৰো সম্মুখীন হৈছে।






























