Space X Dragon Spacecraft:
সকলো ঠিকে-ঠাকে থাকিলে আজি আবেলি তিনি বজাত (ভাৰতীয় সময় মতে) পৃথিৱীত উপস্থিত হ’ব শুভাংশু শুক্লাসহ ড্রেগনযানৰ চাৰি মহাকাশচাৰী। ১৮ দিন মহাকাশত কটোৱাৰ পাছত এই চাৰি মহাকাশচাৰীয়ে পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰিছে।
আজি ড্ৰেগনযানৰ আনড’কিং প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰ লগে লগে আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হয় কেপচুল। উল্লেখ্য যে যোৱা ২৫ জুনত এলন মাস্কৰ স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত এই চাৰি মহাকাশচাৰীয়ে আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ যাত্ৰা কৰে। পিছদিনা যানখন আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হয়। ভাৰতীয় সময় মতে, কালি আবেলি ৪-৪৫ বজাত আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হয় এই মহাকাশচাৰীৰ মহাকাশযান।
আজি আবেলি তিনি বজাত আমেৰিকাৰ কেলিফ’র্ণিয়াৰ প্ৰশান্ত মহাসাগৰৰ উপকূলত মহাকাশচাৰীৰ দলটো উপস্থিত হোৱাৰ কথা। এই চাৰিজনীয়া মহাকাশচাৰী দলৰ আন তিনি সদস্য হ’ল এক্সিয়ম-৪ৰ কমাণ্ডাৰ পেগি হুইটছন, মিছন বিশেষজ্ঞ স্লাওছ উজানস্কি-উইজনিউস্কি আৰু টিবৰ কাপু। পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰাৰ প্ৰাক্মুহূর্তত তেওঁলোকক বিদায় সম্বর্ধনা জনোৱা হয়।
এই বিদায় সম্বর্ধনাৰ সময়ত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সেই বিখ্যাত উক্তিৰ স’তে তাল মিলাই শুক্লাই কয়, ‘ভাৰত আজও চাৰে জাঁহা সে আচ্ছা’ (ভাৰত আজিও সকলোতকৈ শ্রেষ্ঠ)। ‘নাছা’ই জনোৱা মতে, আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হোৱাৰ পূৰ্বে এই চাৰি মহাকাশচাৰীৰ কেপচুলে পৃথিৱীৰ ফালে যাত্ৰা আৰম্ভ কৰিব। কেপচুলৰ গতি হ্ৰাসৰ উদ্দেশ্যে এবাৰ ৰকেট নিক্ষেপ কৰা হয়। এই কাৰ্যক ‘ৰেট্ৰ’গ্ৰেড বার্ণ’ বুলি কোৱা হয়।
মহাকাশযানখনে যাতে নিৰাপদে আৰু নির্বিঘ্নে পৃথিৱীৰ মধ্যাকর্ষণত প্রৱেশ কৰিব পাৰে সেয়া বেট্ৰ’গ্রেড বার্ণে নিশ্চিত কৰে। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ লগে লগে মহাকাশচাৰীকেইজনৰ কেপচুল তীব্র তাপ আৰু ঘৰ্ষণৰ সন্মুখীন হ’ব। তেতিয়া কেপচুলৰ বেগ ঘণ্টাত ২৮ হেজাৰ কিলোমিটাৰ হ’ব। লাহে লাহে বেগ প্রতি ঘণ্টাত ২৪ কিলোমিটাৰকৈ হ্রাস পাব। পৃথিৱীৰ বায়ুমণ্ডলত তেওঁলোকে প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকৰ কেপচুলৰ দুটা পেৰাচ্যুট খোল খাব। ইয়াৰে প্ৰথমটো কেপচুল সৰু। এই পেৰাচ্যুট খোল খোৱাৰ ফলত কেপচুলৰ গতি সামান্য হ্রাস পাব। তাৰ পাছত নির্দিষ্ট দূৰত্বত মূল পেৰাচ্যুট খোল খাব। নাছাই প্ৰকাশ কৰা অনুসৰি যদি পৰিৱেশ অনুকূল থাকে তেতিয়া কেলিফ’র্ণিয়া উপকূলৰ প্ৰশান্ত মহাসাগৰৰ মাজত এই চাৰি মহাকাশচাৰীৰ কেপচুলে লাহে লাহে নামিব।
উল্লেখ্য যে এক্সিয়ম স্পেচ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউস্টনস্থিত এটা ব্যক্তিগত প্রতিষ্ঠান। এই প্রতিষ্ঠানেই ড্রেগন মহাকাশযান আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ প্ৰেৰণ কৰিছে। ভাৰতীয় মহাকাশচাৰী শুক্লাসহ চাৰিজনীয়া মহাকাশচাৰী দলটোৰ এই মহাকাশ অভিযানৰ সফলতা উদ্যাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে এক্সিয়ম স্পেচে। প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি চাৰিজনীয়া মহাকাশচাৰী দলটোৱে ইতিমধ্যে আন্তর্জাতিক মহাকাশ কেন্দ্ৰত পৰম্পৰাগতভাৱে আয়োজিত বিদায় উৎসৱত অংশ লয়। আন্তর্জাতিক মহাকাশ কেন্দ্রত আন কেইজনমান মহাকাশচাৰীও আছে।
এক্সিয়ম স্পেচে নাছা আৰু ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰো)ৰ সহযোগত এই মহাকাশ কার্যসূচী লয়। এই মহাকাশ অভিযানক আকাশগংগা ৰূপে নামকৰণ হয়। এই মহাকাশ অভিযানে ভাৰতৰ মহাকাশ মানৱ মহাকাশ অভিযানক আৰু এখোজ আগুৱাই নিয়া বুলি চর্চিত হৈছে।
উল্লেখ্য যে ভাৰতৰ আগন্তুক মহাকাশ কার্যসূচী হৈছে গগনযান। তদুপৰি ভাৰতে ভাৰতীয় অন্তৰীক্ষ কেন্দ্র নামৰ আন এক মহাকাশ অভিযানো হাতত লোৱাৰ কথা। এই সম্পৰ্কত ইছৰোৱে কয়, ‘গগনযাত্রী (গগনযানত মহাকাশলৈ যাবলগীয়া মহাকাশচাৰী)ৰ সামগ্রিক স্বাস্থ্য আৰু ফিটনেছ চিকিৎসকসকলে নিৰীক্ষণ কৰি আছে। গগনযাত্রী শুভাংশু ভাল আৰু তেওঁৰ উদ্যমো তুংগত আছে।
আনহাতে, এই সম্পর্কত মহাকাশচাৰী শুক্লাই কয়, ‘এতিয়া মোৰ এই পর্যায়ত উপনীত হৈছে। আপোনালোক আৰু মোৰ যাত্ৰা এতিয়াও অতি দীঘলীয়া। আমাৰ মানৱ মহাকাশ অভিযান অতি দীঘল আৰু অতি জটিলো। কিন্তু মই নিশ্চিতি দিব বিচাৰো যে যদি আমি সিদ্ধান্ত গ্রহণ কৰো তেন্তে তৰাও লব পাৰিম।’






























