Snake specialist dipak mahabar :
মধ্য প্ৰদেশৰ গুনা জিলাৰ ৰাধৌগড় নিৱাসী সর্প বিশেষজ্ঞ দীপক মহাবৰৰ সৰ্পদংশনত মৃত্যু। ৪২ বছৰ বয়সীয়া সর্পমিত্ৰ হিচাপে পৰিচিত দীপকে সৰ্প উদ্ধাৰৰ কামত ইমানদিনে নিয়োজিত হৈ আহিছিল।
বিভিন্ন আৱাসিক স্থানৰ পৰা সৰ্পক উদ্ধাৰ কৰি দীপকে বনাঞ্চলত মেলি দিছিল। কালি দীপকে ৰাধাগৌড় অঞ্চলত এডাল সাপক উদ্ধাৰ কৰি নিজৰ ডিঙিত মেৰিয়াই লৈছিল আৰু কিছু সময়ৰ পাছত উক্ত সর্পই তেওঁক দংশন কৰিছিল।
দীপকক ৰাধাগৌড় অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও তেওঁক গুনালৈ প্ৰেৰণ কৰা হৈছিল। গুনাত এন্টিভেনম লোৱাৰ পাছত দীপক ঘৰলৈ উভতি আহিছিল।
কিন্তু নিশা দীপকৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও পাছত তেওঁৰ মৃত্যু হ’ল। সর্প বিশেষজ্ঞ দীপকৰ সৰ্পদংশনত মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অতি আত্মবিশ্বাসেই দীপকৰ বাবে মৃত্যুৰ কাৰণত পৰিণত হ’ল বুলি গাঁওবাসীয়ে মন্তব্য কৰিছে।






























