গালি-গালাজ কৰিলেই শাস্তি পাব গাঁওবাসীয়ে। আঠৰ পৰা অশীতিপৰলৈকে সকলোৱেই এই শাস্তিৰ আওতাত আছে। মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ বোৰছাৰ গাঁৱত শালীনতা বজাই ৰাখিবলৈ এই অভিনৱ উদ্যোগ গ্রহণ কৰা হৈছে।
গাঁওখনত কোনোবাই অশালীন ভাষা প্রয়োগ কৰিলে বা গালি-গালাজ কৰিলে তেওঁ পাঁচশ টকা জৰিমনা দিব লাগিব। অথবা তেওঁ এঘণ্টা সময় গাঁৱৰ কোনো অঞ্চল পৰিষ্কাৰ কৰিব লাগিব।
সম্প্রতি গাঁও পঞ্চায়তৰ বৈঠকত সর্বসম্মতিক্রমে এই সিদ্ধান্ত গৃহীত হয়। ইতিমধ্যেই সমগ্ৰ গাঁৱত প’ষ্টাৰ আঁৰি এই নিয়ম সম্পর্কে গাঁওবাসীক অৱগত কৰা হৈছে। ৰাজহুৱা স্থানত অশালীন আচৰণ নিয়ন্ত্রণ কৰিবলৈকে এই উদ্যোগ লোৱা বুলি জনোৱা হৈছে।
পঞ্চায়তৰ উপ-প্রধান বিনোদ শিণ্ডেই কয় যে শিশুৰ পৰা প্ৰাপ্তবয়স্ক সকলো বয়সৰ মানুহৰ মাজত অশ্রাব্য ভাষাৰ ব্যৱহাৰ অতিপাত বাঢ়ি গৈছিল। বিশেষকৈ মাতৃ-ভগ্নীক লক্ষ্য কৰি অপমানজনক মন্তব্য প্রায়েই শুনা গৈছিল।
নতুন নিয়ম প্ৰয়োগৰ পাছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটা বুলিও তেওঁ দাবী কৰে। স্থানীয় বাসিন্দা জয়শ্রীয়ে এই প্রসংগত কয়, ‘এতিয়া সকলোৱেই সতর্ক। শাস্তিৰ ভয় থকাত কোনোৱে সহজে বেয়া ভাষা প্রয়োগ নকৰে।
আগতে অনেক বুজোৱাৰ পাছতো শিশুসকলে এইবোৰ কথা কৈছিল, এতিয়া সেয়া হ্রাস পাইছে।’ আনহাতে, গাঁওখনৰ যুৱক অশ্বিন পাটিলে কয় যে ‘গালিমুক্ত গাঁও’ গঢ়ি তোলাৰ এই চিন্তাটো তেবেই প্রথমে পঞ্চায়ত প্রধান আৰু উপ-প্রধানক জনাইছিল।
আগতে ১২-১৩ বছৰৰ কিশোৰসকলৰ মুখত গালি-গালাজ শুনা গৈছিল। তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে। আনুষ্ঠানিকভাৱে পঞ্চায়তৰ বৈঠকত এই সিদ্ধান্ত গৃহীত হয়। গাঁওবাসীয়েও জনাইছে যে গালিমুক্ত গাঁও গঢ়াৰ এই উদ্যোগে ইতিমধ্যেই ইতিবাচক ফল দিবলৈ আৰম্ভকৰিছে। গাঁৱত অশালীন ভাষাৰ ব্যৱহাৰ বহুখিনি হ্রাস পাইছে।






























