Negheribeel:
‘আমাৰ জন্ম ইয়াতে। নদীৰ খহনীয়াত ঘৰ-বাৰী জাহ যোৱাত আমাৰ দেউতা ইয়ালৈ আহে। আমাৰ সাত ভাই-ককাইৰো ইয়াতে জন্ম।’ এই মন্তব্য মেৰাপানীৰ দুই নম্বৰ নেঘেৰীবিল গাঁৱৰ হবিবুৰ ৰহমান নামৰ এজন বেদখলকাৰীৰ। উল্লেখ্য যে উচ্ছেদ অভিযান আসন্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ শতাধিক পৰিয়ালে বয়-বস্তু লৈ ৰাতা-ৰাতি গাঁও এৰিছে।
অৱশ্যে একাংশ বেদখলকাৰীয়ে ঘৰ-বাৰী এৰি আঁতৰি নাযায় বুলি কঠোৰ স্থিতি লৈছে। এনে বেদখলকাৰীসকলৰে অন্যতম হবিবুৰ ৰহমানে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘খহনীয়াত ঘৰ-দুৱাৰ নিঃশেষ হোৱাত আমাৰ দেউতা ইয়ালৈ আহে। ইয়াতে জন্ম হোৱা আমাৰ সাত ভাই-ককাই ছজন নেঘেৰীবিলতে আছে। এজন তেজপুৰত থাকে।’ চৰকাৰে উচ্ছেদ কৰিলেও আঁতৰি নাযায় বুলি মন্তব্য কৰি ৰহমানে লগতে কয়, ‘আমি ইয়াৰ পৰা গৈ বাস কৰিবলৈ ক’তো মাটি নাই। গতিকে চৰকাৰে গুলীয়াই মাৰিলেও ইয়াতে মাৰিব। তথাপি গাঁও এৰি নাযাওঁ।
উল্লেখ্য যে ১৯৬৭ত প্রতিষ্ঠা হোৱা দুই নম্বৰ নেঘেৰীবিল গাঁৱত পূর্বে পাঁচ ঘৰ আন স্থানৰ লোকে বাস কৰিছিল। শেহতীয়াভাৱে এনে পৰিয়ালৰ সংখ্যা তিনি শতাধিকলৈ বৃদ্ধি পায়। চৰকাৰে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোৰ জনবিস্ফোৰণ তথা চৰকাৰী ভূমি বেদখল কৰাৰ বাবে এই বেদখলকাৰী পৰিয়ালসমূহক উচ্ছেদৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে প্রশাসনে বেদখলকাৰী পৰিয়ালসমূহলৈ জাননী জাৰি কৰিছে। এই জাননীত এসপ্তাহৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়া হৈছে।






























