America:✒️আমেৰিকাত এজন ব্যক্তিয়ে হত্যা কৰিলে মাতৃক। এই ঘটনাৰ বাবে জগৰীয়া কৰা হৈছে কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ চেটবটক। হত্যাকাৰী ব্যক্তিজনে সঘনে এআই চেটবটৰ স’তে কথা পাতিছিল। দাবী কৰা অনুসৰি এআই চেটবটে উক্ত ব্যক্তিৰ মানসিক বিভ্রান্তি বৃদ্ধি কৰিছিল আৰু মাতৃৰ প্ৰতি থকা তেওঁৰ ধাৰণাক নেচিবাচক কৰি তুলিছিল।
এইদৰে এআই প্ৰৰোচনাতে ব্যক্তিজনে মাতৃক হত্যা কৰিলে বুলি অভিযোগ উঠিছে। ‘নিউ য়র্ক প’ষ্ট’ৰ বাতৰিত উল্লেখ কৰা অনুসৰি, য়াহুৰ এজন প্ৰাক্তন প্রৱন্ধক স্টিন-এৰিক ছয়েলবর্গই অলপতে তেওঁৰ ৮৩ বছৰীয়া মাতৃক হত্যা কৰাৰ লগতে পাছত আত্মহনন কৰিছিল।
৫৬ বছৰ বয়সীয়া ছয়েলবৰ্গই ববী নামৰ এক এআই চেটবট সঘনে ব্যৱহাৰ কৰিছিল। এআয়ে ছয়েলবর্গক জনাইছিল যে মাতৃয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু এইদৰে উক্ত ব্যক্তিৰ মনত মাতৃৰ প্ৰতি নেতিবাচক ধাৰণাৰ সৃষ্টি কৰিছিল।
ফলত ছয়েলবৰ্গৰ মানসিক অৱস্থাৰ অৱনতি হ’বলৈ ধৰিছিল আৰু অলপতে তেওঁ এআইৰ প্ৰৰোচনাত মাতৃক হত্যা কৰিছিল। মাতৃক হত্যা কৰাৰ পাছত ছয়েলবর্গে আত্মহত্যা কৰে।
এই ঘটনাৰ কথা আমেৰিকাৰ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছত কৃত্রিম বুদ্ধিমত্তাৰ ভয়াৱহ প্রভাৱক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।






























