Kidnapped Incident:
অপৰাধীৰ ভূস্বগত পৰিণত হৈছে গুৱাহাটী । ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে অপৰাধ মূলক কাৰ্যকলাপ ৷ অৱশ্যে অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষী তৎপৰ হৈছে যদিও কমা নাই অপৰাধীৰ টিঘিলঘিলনি ৷ এনে ঘটনাৰক্ৰমৰ মাজতে চুবুৰীয়া ৰাজ্যৰ পৰা নাবালিকাক অপহৰণ কৰা দুই অপহৰণকাৰী গুৱাহাটী আৰক্ষীৰ জালত পৰে ।
পশ্চিম ত্ৰিপুৰাৰ আমতলিৰ পৰা দুই কিশোৰে অপহৰণ কৰিছিল দুই নাবালিকাক ৷ অপহৰণকাৰী নাবালিকা দুগৰাকীক কৰিমগঞ্জ হৈ গুৱাহাটী লৈ আনিছিল ৷ এই সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীৰ পৰা তথ্য অনুসৰি বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী-মেঘালয় সীমান্তৰ পৰা উদ্ধাৰ কৰে নাবালিকা দুগৰাকীক ৷ একেদৰে আটক কৰে জালাফু মিঞা আৰু সাগৰ মিঞা নামৰ দুই অপহৰণকাৰীক ৷
আনহাতে দুই নাবালিকা আৰু অপহৰণাৰীক নিজৰ জিন্মাত ল’বৰ বাবে গুৱাহাটীত উপস্থিত হয় ত্ৰিপুৰা আৰক্ষীৰ এটা দল ৷






























