kidnapped incident in Birubari:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অপৰাধীৰ ভূস্বগ হৈ পৰিছে গুৱাহাটী মহানগৰ৷ দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ টিঘিলঘিলনি৷গুৱাহাটী স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে নানাত অপৰাধজনিত ঘটনা ৷ এনে ঘটনাক্ৰমৰ মাজতে মহানগৰীত পুনৰ সংঘটিত হ’ল চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।

বিৰুবাৰীত নিজ ঘৰলৈ ওভতাৰ পথৰ পৰা অপহৰণ কৰা হৈছিল ভাস্কৰ মেধী নামৰ ব্যৱসায়ীজনক ৷ অপহৰণকাৰীয়ে নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন স্কৰপিঅ’ বাহনত উঠাই নিছিল ব্যৱসায়ীজনক। আনকি অপহৰণৰ পিছত মুক্তিপনৰ নামত ভাস্কৰ মেধীৰ পৰিয়ালক দাবী কৰা হৈছিল ২ লাখ টকা।
আনহাতে ভাস্কৰ মেধীৰ অপহৰণ সন্দৰ্ভত পৰিয়ালৰ লোকে ফটাশিল- আমবাৰী থানাত এজাহাৰ দাখিলৰ পিছতে বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি কামৰূপ জিলাৰ চাংসাৰিত অৰ্তকিতে অভিযান চলাই এক গোপন স্থানত আৱদ্ধ হৈ থকা ভাস্কৰ মেধীক উদ্ধাৰ কৰে৷ লগতে দুই অপহৰণকাৰী চাহাব আলী আৰু ইফটিকাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও অপহৰণত ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে আৰক্ষীয়ে।
ADVERTISEMENT































