Jamagurihat:জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাওঁত ২৭০ সংখ্যক বোকাখেচা ভাওনা
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাওঁত অহা ১৪ আৰু ১৫ চেপ্তেম্বৰত অনুষ্ঠিত হব ২৭০ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা ৷ এইলৈ পাতলৰচুক গাওঁবাসী ৰাইজৰ মাজত ব্যাপক উচ্ছাস উদ্দীপনা দেখা গৈছে ৷ আজি পূৱা এইদৰে গাওঁবাসী নামঘৰলৈ ওলাই আহি ৰাজহুৱা শ্ৰমদান কৰাৰ লগতে ভাওনাৰ গীত,পয়াৰ আৰু বচন মাতি নামঘৰ চৌহদ মুখৰিত কৰি তোলে ৷
এই ভাওনা নিদিষ্ট দিনত অনুষ্ঠিত নকৰিলে গাওঁখনত নানা অপায়অমঙ্গলে দেখা দিয়া বুলি গাওঁৰ ৰাইজৰ বিশ্বাস ৷ এই বোকাখেচা ভাওনাৰ পংক শিৰত ললে সন্তানহীনা দম্পতীয়ে সন্তান লাভ কৰাৰ লগতে ভাওনাক লৈ বহুতো প্ৰবাদ জৰিত হৈ আছে বুলি মন্তব্য কৰে গাওঁবাসী ৰাইজে ৷ সম্পূৰ্ণ এটামাহ উপবাসে থাকি গাওঁবাসী ৰাইজে ধৰ্মীয় ৰীতিনীতিৰে এই ভাওনা অনুষ্ঠিত কৰে বুলি জানিব পৰা গৈছে ৷






























