Dibrugarh Don Bosco School:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা৷সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষার্থীয়ে ব্লেডেৰে হাত কাটিলে বহু কেইজন সহপাঠীৰ হাত। শিক্ষাৰ্থীজনে শ্ৰেণীকোঠাৰ বিভিন্নজন শিক্ষাৰ্থীক প্ৰৰোচিত কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনহাতে ব্লেডেৰে হাত কটাৰ ফলত আহত হোৱা কে’বাজনো শিক্ষাৰ্থীক ততাতৈয়াকৈ নিয়া হয় এখন ব্যক্তিগত চিকিৎসালয়লৈ ৷
উল্লেখ্য যে সপ্তম শ্ৰেণীৰ ছাতজনে বেগত লৈ আহিছিল ব্লেড ৷ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ ডন বস্কো’ প্ৰধান শিক্ষকে ছাত্ৰই আক্ৰমণ কৰাৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱাৰ বিপৰীতে জিলা আয়ুক্ত গৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে।
ADVERTISEMENT































