Aishwarya Rai:বলিউডৰ জনপ্রিয় অভিনেত্রী ঐশ্বর্য ৰায় বচ্চন দিল্লী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ’ল। আদালতত অভিনেত্ৰীগৰাকীয়ে আবেদন জনাই কয় যে তেওঁৰ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা সৃষ্ট ফটো-ভিডিঅ’ আদিৰ অপব্যৱহাৰৰ পৰা ন্যায়ালয়ে নিৰাপত্তা প্রদান কৰিব লাগে।
ঐশ্বৰ্যই অভিযোগ কৰা অনুসৰি, তেওঁৰ ফটো আদি অনুমতি অবিহনে ব্যৱসায়িক লাভৰ উদ্দেশ্যৰে বহু লোকে ব্যৱহাৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত অধিকাৰ সুৰক্ষিত কৰিবলৈ ন্যায়ালয়ক আহ্বান জনালে।
নিজৰ আবেদন পত্ৰত ঐশ্বৰ্যই এইদৰে লিখিলে, ‘অবাস্তৱিক অন্তৰংগ ফটোৰ ব্যৱহাৰ কফিকাপ, মগ আৰু অন্যান্য সামগ্রী বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইসমূহ ফটো এআই ব্যৱহাৰৰে বিকৃত কৰা হৈছে। এনে ফটোত থকা ঐশ্বর্য ৰাই মই নহয়, সকলো ফটো এআইৰ সৃষ্ট। এনে কাৰ্য বন্ধ কৰিবলৈ মই ন্যায়ালয়ৰ সহায় বিচাৰিছো।’
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেজস কৰিয়াই আজি ঐশ্বৰ্যৰ হৈ অধিবক্তা সন্দীপ শেঠীয়ে দাখিল কৰা আবেদনৰ সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষক এই বিষয়ত সকীয়নি দিয়া হ’ব বুলি জানিবলৈ দিয়ে।






























