Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

    Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

    SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

    With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

    Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

    NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

কাৰ এজেন্ট হৈ সুজল বৰদলৈৰ ঠিকা লাভ, ব্যর্থতা ঢাকিবলৈহে আগ্রাসী হৈছে বিভাগ

publisher by publisher
November 27, 2026
in Assam, News
Reading Time: 2 mins read
0
SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত
0
SHARES
1
VIEWS
ShareShareShareShare

RelatedPosts

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

IBM:সংকটত লক্ষাধিক ভাৰতীয়: কৰ্মৰ ভিছা-গ্রীণকাৰ্ডৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

SLD installation:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অলপতে কাজিৰঙাত এক ভয়াৱহ পথ দুর্ঘটনাত ২৬ জনকৈ লোকৰ প্ৰণহানিয়ে একাংশ লোকৰ বারে বৈধ-অবৈধভাৱে ধন সংগ্ৰহৰ পথহে মুকলি কৰিলে নেকি? এই শোকাৱহ দুর্ঘটনাক লৈ নিদ্রা ভংগ হোৱা ৰাজ্য চৰকাৰে বাণিজ্যিক বাহনসমহে বেগ সীমাবদ্ধকৰণৰ সঁজুলি (এছএলডি) বাধ্যতামূলকভাৱে স্থাপন কৰিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ তৎপৰ হয়। ইয়ে একাংশৰ মুনাফা অৰ্জনৰ পথহে মোকলোবা বুলি চর্চা হৈছে। আনকি এছএলডি স্থাপনৰ নামত এক নশ কোটিটকীয়া কেলেংকাৰি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে।
বৃহস্পতিবাৰে এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি ট্যুৰিষ্ট বাহন সন্থাৰ অন্যতম কর্ণধাৰ ৰূপম দত্তই কয়, ‘এছএলডি স্থাপনৰ নামত ইতিমধ্যে বৃহৎ কেলেংকাৰি সংঘটিত হৈছে। সমান্তৰালভাৱে চৰকাৰে এনে কেতবোৰ সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছে যে তাৰ প্ৰতিফল পৰিবহণ ব্যৱসায়টোৰ লগত জড়িত সকলোৱে ভুগিবলগীয়া হৈছে। দত্তই কয়, ‘এটা সময়ত বাহনবোৰত এছএলডি সংস্থাপন চলি আছিল। এছএলডি সহজে উপলব্ধ আছিল। কিন্তু হঠাৎ সুজল বৰদলৈ নামৰ এজনক ইয়াৰ ঠিকা দিয়া হয়। সেইজন ঠিকাদাৰে গোটেই ব্যৱস্থাটো নিজৰ হাতলৈ লৈ যায়।
ফলত বাহনবোৰে সেইজন লোকৰ জৰিয়তেহে এছএলডি লগাবলগীয়া হয়। ইয়াৰ জৰিয়তে ঠিকাদাৰজনে প্রায় নশ কোটি টকা সংগ্রহ কৰে। কিন্তু এছএলডি লগোৱাৰ পাছত কিবা বিসংগতি হ’লে ক’ত ভাল কৰিব তাৰ কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল।’ দত্তই কয় যে তেনে সমস্যাৰ সন্মুখীন হোৱাৰ পাছত বাধ্য হৈ বহুতে এছএলডিৰ সংযোগ বিচ্ছিন্ন কৰিবলগীয়া হয়। তেওঁ আকৌ কয় যে আগতে প্রতিখন জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত যানবাহনৰ সক্ষমতা পৰীক্ষাৰ কেন্দ্ৰ আছিল।
গতিকে বাহন এখনে সহজে সেই পৰীক্ষা কৰিব পাৰিছিল। কিন্তু হঠাৎ সেই কেন্দ্ৰৰ সংখ্যা অসমত মাত্র পাঁচটালৈ হ্রাস কৰা হ’ল। ইয়াৰ ফলত এখন বাহনে তিনি-চাৰিখন জিলা পাৰ হৈ সক্ষমতা পৰীক্ষা কেন্দ্ৰলৈ আহিবলগীয়া হয়। এই কাম কাৰ স্বাৰ্থত কৰা হ’ল বুলিও তেওঁ প্রশ্ন কৰে। একেদৰে ভিএলটিডিৰ ছার্ভিচিং কেন্দ্ৰৰ সীমাবদ্ধতাক লৈও দত্তই প্রশ্ন কৰে।
# চকা বন্ধৰ ব্যাপক প্রভাব সমগ্ৰ ৰাজ্যত
কে’বাটাও দাবীৰ সমর্থনত সদৌ অসম মটৰ পৰিবহণ সন্থা আৰু বেচৰকাৰী কে’বাটাও পৰিবহণ সংগঠনে যৌথভাৱে আজিৰ পৰা আহ্বান জনোৱা অনির্দিষ্টকালীন চকা বন্ধৰ প্ৰথম দিনটোত ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পৰে। এই বন্ধই সাধাৰণ জনজীৱনত ব্যাপক প্রভাৱ পেলায়। বিশেষকৈ দৈনিক যাতায়াত কৰা লোকসকল আজি গুৰুতৰ সমস্যাৰ সন্মুখীন হয়। ইয়াৰ প্ৰভাৱ অন্যান্য খণ্ডটো পৰে।
গুৱাহাটীত যাতায়াত ব্যৱস্থা সূচল কৰি ৰখাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে গ্রীণ বাছৰ চলাচল বৃদ্ধি কৰে যদিও স্বাভাৱিকতে ৰাইজৰ চাহিদা পূৰণত ব্যর্থ হয়। ইয়াৰ মাজতে একাংশ গ্রীণ বাছে যাত্ৰীৰ পৰা অধিক ভাড়া বিচৰাৰো অভিযোগ উত্থাপিত হয়। মুঠতে সাধাৰণ যাত্ৰীসকলৰ আজি আলৈ আথানি নোহোৱা হয়। এখন বাহনৰ অপেক্ষাত ঘণ্টাৰ পাছত ঘণ্টা অতিবাহিত কৰিবলগীয়া হয় যাত্রীসকলে। তথাপি তেওঁলোকে যাত্রা কৰিবলৈ সক্ষম নহ’ল।
বৃহস্পতিবাৰৰ বন্ধৰ ফলত সম্পূৰ্ণ স্থবিৰ হৈ পৰে গুৱাহাটীৰ আইএছবিটিৰ লগতে আদাবাৰী বাছ আস্থান। বন্ধৰ প্ৰভাৱ চৰকাৰী- বেচৰকাৰী কাৰ্যালয়বোৰতো বাৰুকৈয়ে পৰে। বিশেষকৈ দূৰণিৰ পৰা দৈনিক যাতায়াত কৰা বহু কৰ্মচাৰী আজি যথেষ্ট পলম
কৈহে কার্যালয়ত উপস্থিত হ’বলৈ সক্ষম হয়। একেদৰে তেওঁলোকে সোনকালেও কাৰ্যালয়ৰ পৰা গৃহাভিমুখী হয়। ইয়াৰ বিপৰীতে বহু কৰ্মচাৰী কার্যালয়ত উপস্থিত হ’ব নোৱাৰিলে। জনতা ভৱনতে আজি এনে পৰিস্থিতিৰ উদ্ভৱ হয়।
একেদৰে ৰাজ্যৰ আন আন জিলাবোৰতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। এই চকা বন্ধৰ বাবে ৰাজ্যজুৰি নৈশবাছৰ চলাচলো বন্ধ থাকে। অৱশ্যে ইয়াৰ মাজতে আজি চাহিদা বৃদ্ধি হয় ই-ৰিক্সাৰ। তদুপৰি ঠায়ে ঠায়ে ইলেক্ট্র’নিক অট ‘ৰেও যাতায়াত অব্যাহত থাকে।
ইপিনে, উদ্ভৱ পৰিস্থিতিৰ জোৰা মাৰিবলৈ অসম চৰকাৰৰ পৰিবহণ বিভাগে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ লগত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। পৰিবহণ আয়ুক্ত সচিব আকাশদ্বীপৰ অধ্যক্ষতাত জনতা ভৱনত দুপৰীয়া অনুষ্ঠিত বৈঠকখন ব্যর্থ হয়। বৈঠকত আয়ুক্ত সচিবজনে সন্থাৰ দাবীবোৰ গুৰুত্ব সহকাৰে আলোচনা কৰি পূৰণ কৰাৰ আশ্বাস দিয়ে। কিন্তু পৰিবহণ সন্থাৰ প্রতিনিধিসকলে কেৱল মৌখিক আশ্বাসক গ্রহণ কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁলোকে লিখিত প্রতিশ্রুতি দাবী কৰে।
কিন্তু আয়ুক্ত সচিবজনে এইক্ষেত্রত থেৰোগেৰো কৰাত আলোচনা ব্যর্থ হয়।
আজিৰ বন্ধৰ আহ্বান জনোৱাসকলে দাবীকেইটাৰ অন্যতম হৈছে স্পীড লিমিট ডিভাইচ (এছএলডি) আৰু ভেহিকল লোকেচন ট্রেকিং ডিভাইচ (ভিএলটিডি) সংস্থাপনত সৃষ্টি হোৱা জটিলতা দূৰ কৰা, যাত্রী ভাড়া বৃদ্ধি কৰা, যানবাহনৰ ফিটনেছ পৰীক্ষা কেন্দ্ৰ প্ৰতিখন জিলাত স্থাপন কৰা আৰু ব্যৱসায়িক বাহনৰ পার্কিং স্থান নির্ধাৰণ কৰা।
উল্লেখ্য যে শেহতীয়াকৈ কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাটোৰ পাছতে পৰিবহণ বিভাগে ৰাজ্যত যানবাহন আইন কঠোৰভাৱে বলৱৎ কৰাক লৈ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। নিয়ম ভংগ কৰাৰ অভিযোগত বাহনবোৰৰ বিৰুদ্ধে জৰিমনা বিহাৰ উপৰি অন্যান্য কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।
কিন্তু বিভাগৰ এনে তৎপৰতাক আজি কঠোৰ সমালোচনা কৰে বন্ধৰ আহ্বান তথা সমর্থন জনোৱা সংগঠনবোৰে। পৰিবহণ বিভাগে নিজৰ ব্যৰ্থতা আৰু অনিয়ম গাপ দিবলৈহে শেহতীয়াকৈ আগ্রাসী ভূমিকা পালন কৰা বুলি তেওঁলোকে সদৰী কৰে।
# নিশা মন্ত্ৰীৰ ঘোষণা: আশ্বস্ত হোৱা নাই আন্দোলনকাৰী
ইপিনে, চকাবন্ধ প্রত্যাহাৰ কৰিবলৈ মটৰ পৰিবহণ সন্থাক সৈমান কৰাবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে পৰিবহণ বিভাগে। সেয়েহে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি নিশা সদৰী কৰে যে এছএলডি আৰু ভিএলটিডিক লৈ থকা সমস্যা দূৰ কৰিবলৈ চৰকাৰে বাহনৰ গৰাকীক ৪৫ দিনৰ সমসসীমা নির্ধাৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে।
এই সময়ছোৱাৰ ভিতৰত এছএলডি আৰু ভিএলটিডি সংস্থাপিত হৈ থকা যিবোৰ বাহনৰ তথ্য নিৰ্ধাৰিত ‘বাহন’ প’র্টেলত উপলব্ধ হৈ থকা নাই, সেইখিনি সমস্যা ৪৫ দিনৰ ভিতৰত দূৰ কৰিব লাগিব। গতিকে তেতিয়ালৈ জৰিমনা ৰেহাই দিয়া হ’ব। অৱশ্যে পৰিবহণ মন্ত্ৰীয়ে এই ঘোষণা কৰিলেও মটৰ পৰিবহণ সন্থাই তেওঁলোকৰ বন্ধ কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govtbreking newsheavy vehiclelatest newssld installation
publisher

publisher

Related Posts

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ
Assam

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

November 27, 2026
Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি
Assam

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

November 27, 2026
With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ
India

With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

November 27, 2026
Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ
India

Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

November 27, 2026
NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !
Assam

NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

November 27, 2026
Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !
Crime

November 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d